কামপুৰত জাপানিজ এনকেফেলাইটিজত মৃত্যু আন এজনৰ

কামপুৰত জাপানিজ এনকেফেলাইটিজত আক্ৰান্ত হৈ মৃত্যু আন এজনৰ

author-image
Asomiya Pratidin
New Update
কামপুৰত জাপানিজ এনকেফেলাইটিজত মৃত্যু আন এজনৰ

ডিজিটেল সংবাদ, কামপুৰঃ কামপুৰত জাপানিজ এনকেফেলাইটিজত দ্বিতীয় জন লোক আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লয় ৷ মৃত লোকজন কামপুৰৰ আটিকামপুৰৰ স্বৰাজ লস্কৰ বুলি জানিব পৰা গৈছে। মঙ্গলবাৰে জাপানিজ এনকেফেলাইটিজত আক্ৰান্ত হৈ কামপুৰত আন এগৰাকী মহিলাৰ মৃত্যু হৈছিল ।

Advertisment

জাপানিজ এনকেফেলাইটিজত আক্ৰান্ত হোৱাৰ পিছত স্বৰাজ লস্কৰ(৭০) গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল ৷ লোকজনে শনিবাৰে চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱতি লয়। উল্লেখ্য যে, স্বাস্থ্য বিভাগৰ তৰফৰ পৰা কামপুৰ অঞ্চলটোত ধোৱা দি ম'হ খেদাৰ চেষ্টা চলাইছে ৷

Also Read: কটনৰ বাটত নিষিদ্ধ ক্ষুদ্ৰ ব্যৱসায়ীঃ অব্য়াহত প্ৰতিক্ৰিয়া

health department of assam