মাজুলীত উপেন বৰগায়নৰ অপ্সৰা নৃত্য গীতৰ শ্ৰব্যৰূপ ‘নন্দ নন্দনে নৱ নিত্য কৰে’ৰ শুভ-উন্মোচন

মাজুলীত উপেন বৰগায়নৰ অপ্সৰা নৃত্য গীতৰ শ্ৰব্যৰূপ ‘নন্দ নন্দনে  নৱ নিত্য কৰে’ৰ শুভ-উন্মোচন
Published on
Updated on

ডিজিটেল সংবাদ, মাজুলীঃ মাজুলীৰ ঐতিহ্যমণ্ডিত উত্তৰ কমলাবাৰী সত্ৰৰ বিশিষ্ট বৈষ্ণৱ-শিল্পী উপেন বৰগায়নে কণ্ঠদান কৰা অপ্সৰা নৃত্যৰ গীত ‘নন্দ নন্দনে নৱ নৃত্য কৰে’-ৰ শ্ৰব্য ৰূপটি উন্মোচন হয়। সেই উদ্দেশ্যে শনিবাৰে সত্ৰখনৰ উত্তৰ কমলাবাৰী সত্ৰ শংকৰদেৱ কৃষ্টি সংঘৰ প্ৰেক্ষাগৃহত এখনি উন্মোচনী সভা অনুষ্ঠিত হয়।

সংঘৰ সম্পাদক তীৰ্থ ভূঞা বৰগায়নে আঁত ধৰা অনুষ্ঠানটোৰ আৰম্ভণিতে সত্ৰৰ জ্যেষ্ঠ বৈষ্ণৱ অধ্যাপক ভৱেন বৰবায়নে বন্তি প্ৰজ্বলন কৰে। তাৰ পাছত তেওঁ বৰ্তমান সময়ত প্ৰায় প্ৰচলন কমি যোৱা আৰু কেৱল কেইখনমান সত্ৰতহে বৰ্তি থকা এই অপ্সৰা নৃত্যৰ গীতভাগি উন্মোচন কৰে শ্ৰীশ্ৰীউত্তৰ কমলাবাৰী সত্ৰাধিকাৰ জনাৰ্দনদেৱ গোস্বামী প্ৰভুৱে উন্মোচন কৰে।

সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱজিৎ শইকীয়া আৰু নতুন কমলাবাৰী সত্ৰৰ প্ৰভাত বৰা বুঢ়াভকতে উপেন বৰগায়নে বিগত সময়ত সত্ৰীয়া কৃষ্টি সংবৰ্ধনত পালন কৰি অহা ভূমিকাৰ কথা উল্লেখ কৰি শিল্পীগৰাকীৰ উত্তৰোত্তৰ উন্নতি কামনা কৰে।

সভাত অসমৰ বিশিষ্ট অভিনেতা নয়ন নিৰ্বাণ, উত্তৰ কমলাবাৰী সত্ৰৰ অধ্যাপক মণিৰাম বৰগায়ন, সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক শিল্পী যোগেন দত্ত বায়ন, সমাজকৰ্মী-অৱসৰী বিষয়া কৃষ্ণকমল শইকীয়া, বিশিষ্ট কণ্ঠশিল্পী অণিমা শইকীয়া, শিল্পী দ্বীজেন দত্ত, সমাজকৰ্মী দধিৰাম বৰুৱা, সুৰেশ বৰা, যুৱ উদ্যোগী জাহ্নু বৰুৱা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিবেশ্য কলা বিভাগৰ সহকাৰী অধ্যাপক ড° যাদৱ বৰা, উদ্যমী যুৱ বৈষ্ণৱ নিৰঞ্জন শইকীয়া, দীপক বৰুৱা প্ৰমুখ্যে শতাধিক লোক আদি উপস্থিত থাকে।

উদ্যোগী যুৱ-নেত্ৰী চিনু কিশোৰে প্ৰযোজনা কৰা এই গীতটি বাণীবন্ধন কৰিছে উত্তৰ কমলাবাৰী সত্ৰৰ সাৰেংগ ষ্টুডিঅ’ই। সভাৰ অন্তত অসম লোকসেৱা অধিকাৰ আইন সম্পৰ্কীয় এখনি বাটৰ নাট পৰিবেশন কৰা হয়। সকলোকে শলাগ জ্ঞাপন কৰে যুৱ-বৈষ্ণৱ, সাংবাদিক তীৰ্থ ভূঞা বৰগায়নে।

মাজুলীত উপেন বৰগায়নৰ অপ্সৰা নৃত্য গীতৰ শ্ৰব্যৰূপ ‘নন্দ নন্দনে  নৱ নিত্য কৰে’ৰ শুভ-উন্মোচন
কাজিৰঙাত আৰণ্যকৰ উদ্যোগত পক্ষী নিৰীক্ষণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in