পিতৃসম বয়সৰ ব্যক্তিৰ হাতত কামনাৰ বলি হৈ অন্ত:সত্বা ১৬ বছৰীয়া কিশোৰী...

পিতৃসম বয়সৰ ব্যক্তিৰ হাতত কামনাৰ বলি হৈ গৰ্ভৱতী মাজুলীৰ এগৰাকী নাবালিকা। দোষীক কঠোৰ শাস্তি দাবী কৰিছে পৰিয়ালৰলোকে।

author-image
Asomiya Pratidin
New Update
পিতৃসম বয়সৰ ব্যক্তিৰ হাতত কামনাৰ বলি হৈ অন্ত:সত্বা ১৬ বছৰীয়া কিশোৰী...

ডিজিটেল সংবাদ, তিতাবৰঃ পিতৃসম বয়সৰ ব্যক্তিৰ হাতত কামনাৰ বলি হৈ গৰ্ভৱতী মাজুলীৰ এগৰাকী নাবালিকা। দোষীক কঠোৰ শাস্তি দাবী কৰিছে পৰিয়ালৰলোকে।

Advertisment

মাজুলীত বৃদ্ধৰ কামনা বলি ১৬ বছৰীয়া কিশোৰীগৰাকী। নাবালিকা গৰাকী বৰ্তমান চাৰি মাহৰ গৰ্ভৱতী বুলি জানিব পৰা গৈছে।

যোৱা দেওবাৰে সন্ধ্যা মাজুলী থানা অন্তর্গত বনগাঁৱ আৰক্ষী চকীত কিশোৰীগৰাকীৰ মাতৃৰ এক গোচৰ ভিত্তিত আটক কৰিছে সুৰেন হাজৰিকা নামৰ প্রায় ৫৫ বছৰীয়া ব্যক্তি গৰাকীক।

মাজুলী থানাত ৭৭/২৩ ৩৭৬/read with sec 6/pocso act অধীনত গোচৰ ৰুজু কৰি অভিযুক্তক মাজুলীৰ আৰক্ষীয়ে জিলা সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ কৰিছে। মাজুলী সত্ৰ ন্যায়াধীশৰ আদালতে পৰৱৰ্তী সময়ত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে অভিযুক্তক।

Also Read: হিতাধিকাৰীৰ চাউল আত্মসাৎ! সুলভ মূল্যৰ দোকানীৰ ঘৰত উত্তপ্ত পৰিস্থিতি

Assam police