মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথিঃ দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত সত্ৰভূমি মাজুলী

মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথিঃ দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত সত্ৰভূমি মাজুলী

author-image
Asomiya Pratidin
New Update
মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথিঃ দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত সত্ৰভূমি মাজুলী

ডিজিটেল সংবাদ,মাজুলীঃ .মহাপুৰুষ মাধৱদেৱ যাক শ্ৰীমন্ত শংকৰদেৱে বঢ়াৰ পো বুলি সম্বোধন কৰিছিল সেইজনা নৱবৈষ্ণৱ ধৰ্মৰ মূল কাণ্ডাৰী অৱতাৰী মহাপুৰুষৰ আজি ৪২৭ সংখ্যক তিৰোভাৱ তিথি। সেই উপলক্ষে আজি দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে সত্ৰভূমি মাজুলী। মাধৱ বান্ধৱক স্মৰন কৰিছে সকলোৱে। গুৰু বন্দনাৰে মুখৰিত মাজুলীৰ আকাশ বতাহ ।

Advertisment

মাজুলীৰ প্ৰতিখন সত্ৰ আৰু নামঘৰত পুৱাৰ পৰা নিশা দুপৰলৈ চাৰি নাম চৈধ্য প্ৰসংগ খোল তাল হৰিনাম বৰগীতৰ অমীয়া সুৰে মুখৰিত হৈ থাকিব। মাজুলীৰ ভোগপুৰ ,উত্তৰ কমলাবাৰী, নতুন কমলাবাৰী, সত্ৰত ৪ দিনীয়াকৈ মহাপুৰুষ মাধৱদেৱৰ তিথি উদযাপন কৰিছে। চাউল ভোজনী, থাপনিৰ পাছত আজি মূলতিথি। ইয়াৰ পাছত ভাঙনী। আজি পুৱাৰ পৰা পুৱাগীত, নামঘোষা কীৰ্তন ঘোষা ,আদি ৰ পাছত গায়ন বায়ন, বিহাৰ নৃত্য, ওজাপালি, কীৰ্ত্তনীয়া আদি পৰিবেশিত হ'ব। গুৰুজনাৰ সৃষ্টি ভাওনাত পৰিবেশন হ'ব।

মহাপুৰুষ মাধৱদেৱৰ তিৰুভাৱ তিথি মাজুলীৰ ৩৩ খন সত্ৰ ,চাৰি শতাধিক নামঘৰত আজি উদযাপন কৰিছে। দ্বিতীয় বৈকুণ্ঠ পুৰিলৈ পৰ্যবসিত হৈছে সত্ৰপীঠ মাজুলী।

ঐতিহাসিক কমলাবাৰী সত্ৰত মাধৱদেৱ তিথি বিস্তৃত আড়ম্বৰপূৰ্ণ পালন কৰি আহিছে। মাজুলীৰ ঐতিহাসিক আদি এলেঙী সত্ৰতো ৪০০ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি পালন কৰিছে গুৰু তিথি। খোল প্ৰসংগ ভাগৱত,নাম প্ৰসংগ থিয়নাম আদি অনুষ্ঠিত কৰিছে পুৱাৰ ভাগত। আদি এলেঙী সত্ৰৰ থিয়নামৰ পৰম্পৰা ৪ শ বছৰীয়া পুৰনি ।

Also Read: নগাঁৱৰ এজন শিক্ষকৰ ঘৰত চুৰি কাণ্ড