/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/4f2ee8ca-ace3-4ce9-acc2-c33b82b53266/klkl.jpg)
-
নগাঁও জিলাৰ ধিং আঠগাঁৱত দেওবাৰে নিশা চাঞ্চল্যকৰ চুৰি কাণ্ড ঘটনা ৷
-
এজন শিক্ষকৰ ঘৰত এই চুৰি কাণ্ড।
-
শিক্ষকৰ জনৰ নাম নলিনী বৰা।
-
খিৰিকি ভাঙি সোণৰ গহনাকে ধৰি ঘৰৰ সকলো আচবাব চুৰি কৰি লৈ যায়।
-
শিক্ষক জনৰ ঘৰত ৬ মাহত তিনি বাৰকৈ চুৰি কাৰ্য সংঘটিত হৈছে।
-
ঘৰত কোনো নথকাৰ সুযোগ লৈ এই চুৰি কাণ্ড হয়।
-
গুৱাহাটীৰ এখন চিকিৎসালয়ত চিকিৎসাৰ বাবে গৈছিল পৰিয়ালটি। ঘৰত আহি দেখা পায় হতবাক পৰিয়ালটো।
-
ঘটনাস্থলীত উপস্থিত হৈ ধিং আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।