বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰঃ মাজুলীত ৰোগীৰ বিলৈ

বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰঃ মাজুলীত ৰোগীৰ বিলৈ। ৰোগীয়ে সন্মুখীন হৈছে অসুবিধাৰ

author-image
Asomiya Pratidin
New Update
বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰঃ মাজুলীত ৰোগীৰ বিলৈ

ডিজিটেল সংবাদ, মাজুলীঃ মাজুলীত হ্ৰাস পোৱা নাই ব্ৰহ্মপুত্ৰৰ জলস্তৰ। বিপদ সীমা অতিক্ৰম কৰি দুই মিটাৰ ওপৰলৈ পানী বৈছে। যাৰ বাবে যোৱা দেওবাৰৰ পৰা ঘাটসমূহত বন্ধ আছে আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ ফেৰী সেৱা।

Advertisment

এই সময়চোৱাত মাজুলীবাসীয়ে দুৰ্ভোগ ভুগিব লগা হৈছে। এগৰাকী গৰ্ভৱতী ৰোগীক মাজুলীৰ পৰা যোৰহাটলৈ প্ৰেৰণ কৰাত মহিলাগৰাকী তথা পৰিয়ালে যমৰ-যতনা ভোগ কৰিব লগা হয়। যোৰহাট আৰু মাজুলীৰ ৰোগীৰ একমাত্র যাতায়ত যোগাযোগ মধ্যম ১০৮ নৌকা এম্বুলেঞ্চে সন্মুখীন হয় বিপদৰ।

ফেৰী ৰখোৱা ৰেম্প্ সম্পূৰ্ণ ৰূপে ডুব যোৱাৰ ফলত ১০৮ বাহন ৰখোৱাৰ ক্ষেত্ৰত সন্মুখীন হয় অসুবিধাৰ। পৰৱৰ্তী সময়ত এছ ডি আৰ এফ বাহিনীৰ নাওত উঠাই নি গৰ্ভৱতী মহিলাগৰাকীক ১০৮ এম্বুলেঞ্চ উঠোৱা হয়। ব্ৰহ্মপুত্ৰৰ প্ৰৱল সোঁতৰ মাজেৰে লৈ যোৱা হয় মহিলাগৰাকীক।

ইপিনে ভদীয়া বানৰ কবলত পৰিছে মাজুলীৰ নৈপৰীয়া অঞ্চল। বানৰ বাবে বন্ধ নৈপৰীয়া অঞ্চলৰ বিদ্যালয়সমূহ। প্ৰায় কুৰিখনতকৈ অধিক বিদ্যালয় বন্ধ কৰা হৈছে এই বানৰ বাবে।

মঙলবাৰৰ পুৱাৰ পৰা ব্ৰহ্মপুত্ৰৰ জলস্তৰ দ্ৰুত গতিত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত নৈপৰীয়া ন-ন অঞ্চল প্লাবিত হৈছে। ঠায়ে ঠায়ে নাৱেৰে ছাত্ৰ-ছাত্ৰী বিদ্যালয় লৈ আহিছে যদিও বিদ্যালয়সমূহ বানত ডুব যোৱাৰ বাবে উভতি যাব লগা পৰিস্থিতি সন্মুখীন হৈছে।

Also Read: অনিৰ্দিষ্ট সময়লৈ বন্ধ গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা

Shipping and Waterways Minister of Ports ferry