/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/8f49099a-f426-4a7f-8187-0e89ed83320e/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল ডেস্কঃ মঙলবাৰৰ পৰা অনিৰ্দিষ্ট কাললৈ বন্ধ কৰা হৈছে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ফেৰী সেৱা। এক জাননী যোগে এই কথা সদৰী কৰে আভ্যন্তৰীণ জল পৰিবহন বিভাগে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে বিভাগটোৱে।
অস্বাভাৱিক হাৰত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী আটাইকেইটা ফেৰী ঘাট ডুব গৈছে। আনহাতে ঘাটতেই আৱদ্ধ হৈ আছে বহু যাত্ৰী। উল্লেখ্য যে বিগত দিনসমূহত ৰাজ্যৰ আন আন প্ৰান্তৰ ঘাটসমূহতো ফেৰী সেৱা বন্ধ কৰিছে। বিগত কিছুদিনত অসমৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ ফলতেই বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ।
Also Read: চন্দ্ৰপৃষ্ঠত ডাঙৰ গাত, প্ৰত্যাহ্বান নেওচি আগলৈ গতি কৰিছে ৰোভাৰ প্ৰজ্ঞানে