আৰক্ষীৰ জালত ভুৱা জাতিগত প্ৰমাণ-পত্ৰ দিয়া যুৱক

মাজুলীত ভুৱা জাতিগত প্ৰমাণ-পত্ৰ প্ৰদান কৰা এজন প্ৰৱঞ্চকক আটক কৰে আৰক্ষীয়ে...

author-image
Asomiya Pratidin
New Update
আৰক্ষীৰ জালত ভুৱা জাতিগত প্ৰমাণ-পত্ৰ দিয়া যুৱক

ডিজিটেল সংবাদ, মাজুলীঃ মাজুলীৰ ফুলনি আৰক্ষী চকীৰ অন্তৰ্গত ৰঙাচাহী গাঁৱৰ এজন যুৱকে নিজৰ কম্পিউটাৰতে সকলো বিষয়াৰ স্বাক্ষৰ জালিয়াতি কৰি প্ৰদান কৰি আহিছিল অন্যান্য পিছপৰা শ্ৰেণীৰ জাতিগত প্ৰমাণপত্ৰ। এই প্ৰমাণপত্ৰ প্ৰদান কৰা যুৱকজনৰ নাম শান্তনু নাথ।

Advertisment

শান্তনু নাথে প্ৰতিজন লোকৰ পৰা ৩৫০ টকাকৈ সংগ্ৰহ কৰি ভুৱা জাতিগত প্ৰমাণ পত্ৰ প্ৰদান কৰি আহিছিল। প্ৰায় ১৫ দিন পূৰ্বৰ পৰা প্ৰৱঞ্চক শান্তনু নাথে ভুৱা প্ৰমাণ পত্ৰ প্ৰদান কৰি টকা লুটি অহাৰ অভিযোগ ভুক্তভোগীৰ।

ভুক্তভোগীসকলে সকলো তথ্য সংগ্ৰহ কৰি শান্তনু নাথক মাজুলী ফুলনি আৰক্ষীক গতাই দিয়ে। উল্লেখ্য যে ফুলনি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পাৰ্থ সাৰথি বৰাই প্ৰৱঞ্চক শান্তনু নাথৰ সোধা-পোছ অব্যাহত ৰাখিছে।

Also Read: প্রকাশ পালে ইন্দ্রাণী তহবিলদাৰৰ মৰণোত্তৰ ফৰেনছিক প্রতিবেদন

Majuli Police