প্রকাশ পালে ইন্দ্রাণী তহবিলদাৰৰ মৰণোত্তৰ ফৰেনছিক প্রতিবেদন

প্রকাশ পালে বিজেপি নেত্ৰী ইন্দ্রাণী তহবিলদাৰৰ মৰণোত্তৰ পৰীক্ষাৰ ফৰেনছিক প্রতিবেদন।

author-image
Asomiya Pratidin
New Update
প্রকাশ পালে ইন্দ্রাণী তহবিলদাৰৰ মৰণোত্তৰ ফৰেনছিক প্রতিবেদন

ডিজিটেল ডেস্কঃ প্রকাশ পালে বিজেপি নেত্ৰী ইন্দ্রাণী তহবিলদাৰৰ মৰণোত্তৰ পৰীক্ষাৰ ফৰেনছিক প্রতিবেদন। মৃত্যুৰ পূৰ্বে ইন্দ্রাণীয়ে ৮০টাকৈ শ্লিপিং টেবলেট সেৱন কৰিছিল বুলি চৰ্চা চলা কথাষাৰ সত্য প্ৰমাণিত কৰিলে এই প্রতিবেদনে। প্রতিবেদনত স্পষ্ট হৈছে ৮০টাকৈ শ্লিপিং টেবলেট সেৱন কৰা কথা।

Advertisment

ফটো ভাইৰেলৰ পিছতেই মানসিক ভাৱে ভাগি পৰা ইন্দ্রাণীয়ে ৮০টাকৈ শ্লিপিং টেবলেট সেৱন কৰি শুই পৰিছিল বুলি প্ৰতিবেদনে স্পষ্ট কৰিছে। উল্লেখ্য যে, বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ সৈতে বিজেপি নেতা অনুৰাগ চলিহাৰ অন্তৰংগ মুহূৰ্তৰ ছবি ভাইৰেল হৈছিল সামাজিক মাধ্যমত।

ইয়াৰ পাছতে মানসিকভাবে ভাঙি পৰা ইন্দ্ৰাণী তহবিলদাৰে আত্মহত্যা কৰে। ইন্দ্ৰাণীৰ আত্মহত্যাই বিজেপিৰ ভিতৰচ'ৰাত তোলপাৰ লগোৱাৰ সমান্তৰালভাবে উন্মোচিত কৰে ৰাজ্যত চাকৰিৰ নামত হোৱা ব্যাপক কেলেংকাৰীৰ তথ্য।

Also Read: অৱশেষত আনুষ্ঠানিকভাবে মুকলি হ'ল মালিগাঁৱৰ উৰণসেতু

Assam police