কোন হ'ব বিজেপিৰ পৰৱৰ্তী সভাপতি? ৪ জনীয়া কমিটী গঠন শাসকীয় দলৰ...

পৰৱৰ্তী সভাপতি নিৰ্বাচিত নোহোৱালৈকে জে পি নড্ডাই পালন কৰিব দায়িত্ব

author-image
Asomiya Pratidin
New Update
কোন হ'ব বিজেপিৰ পৰৱৰ্তী সভাপতি? ৪ জনীয়া কমিটী গঠন শাসকীয় দলৰ...

কোন হ'ব বিজেপিৰ পৰৱৰ্তী সভাপতি? ৪ জনীয়া কমিটী গঠন শাসকীয় দলৰ...

ডিজিটেল ডেস্কঃ কোন হ'ব শাসকীয় বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় অধ্যক্ষ? ইতিমধ্যে কাৰ্যকাল শেষ হৈছে জে পি নড্ডাৰ। নাড্ডাক ইতিমধ্যে নৰেন্দ্ৰ মোডীয়ে তেওঁৰ তৃতীয় কাৰ্যকালৰ মন্ত্ৰীসভাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হিচাপে দায়িত্ব দিছে।

Advertisment

লোকসভা নিৰ্বাচন অন্ত পৰাৰ পাছৰে পৰা চৰ্চাত আছে বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় অধ্যক্ষ কোন হ'ব সেই বিষয়টো। এই পদৰ বাবে বহু কেইজন জ্যেষ্ঠ বিজেপি নেতাৰ নামো চৰ্চালৈ আহিছে।

সমান্তৰালকৈ নাগপুৰতো ইয়াক লৈ ব্যস্ততা বাঢ়িছে। যোৱা লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বে জে পি নড্ডাই আৰ এছ এছৰ সহায় নোহোৱাকৈ বিজেপিয়ে চৰকাৰ গঠন কৰিব পাৰে বুলি দাম্ভিকতাৰে কৱো কথাক লৈ নাৰাজ আৰ এছ এছ।

সেইদৰেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহৰ কাম-কাজক লৈয়ো সন্তুষ্ট নহয় নাগপুৰ। সেয়ে দলত নিয়ন্ত্ৰণ ৰাখিবলৈ এতিয়া নাগপুৰে বিজেপিৰ সভাপতি পদত আৰ এছ এছৰ আনুগত্য এগৰাকী জ্যেষ্ঠ নেতাক দায়িত্ব দিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

তাৰ মাজতেই বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ নিৰ্বাচনৰ বাবে গঠন কৰা হৈছে এক বিশেষ কমিটী। এই চাৰিজনীয়া কমিটীত ৰিটাৰ্নিং বিষয়া হিচাপে আছে সাংসদ ড০ কে লক্ষ্মণ। সহঃ ৰিটাৰ্নিং বিষয়া হিচাপে আছে দুই সাংসদ নৰেশ বাঞ্চাল, সম্বিত পাত্ৰ আৰু ৰাষ্ট্ৰীয় উপ সভানেত্ৰী ৰেখা বাৰ্মা। অৱশ্যে পৰৱৰ্তী অধ্যক্ষ নিৰ্বাচিত নোহোৱালৈকে জে পি নড্ডাই এই দায়িত্ব পালন কৰিব।

Also Read: কেন্দ্ৰীয় শাসিত জম্মু কাশ্মীৰৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ আজি শপতগ্ৰহণ...

আৰ এছ এছ বিজেপি বিজেপিৰ সভাপতি জেপি নড্ডা