অন্তঃকন্দলত জৰ্জৰিত নতুন কমলাবাৰী সত্ৰ

সত্ৰৰ বৈষ্ণৱৰ মনোমালিন্যৰ বাবেই দুই ভাগত বিভক্ত সত্ৰ। মূলত টকা পইচা কেন্দ্ৰীক সংঘাতৰ বাবে গৃহকণ্ডল সত্ৰৰ ভিতৰচ'ৰাত...
অন্তঃকন্দলত জৰ্জৰিত নতুন কমলাবাৰী সত্ৰ

ডিজিটেল সংবাদ, মাজুলীঃ দুজনা গুৰুৰ মিলনভূমি সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীৰ ঐতিহাসিক নতুন কমলাবাৰী সত্ৰত গৃহকণ্ডল। দুটা ভাগত বিভক্ত হৈছে সত্ৰৰ বৈষ্ণৱ। অন্তঃকন্দলত জৰ্জৰিত হৈছে সত্ৰখন। সত্ৰখনিৰ প্ৰতিষ্ঠাপক শ্ৰীশ্ৰী বদলাপদ্ম আতা তিৰোভাব তিথি দিনাই মাজুলী জিলা প্ৰশাসনৰহৈ ৰাজহ চক্ৰ বিষয়া জয়দীপ ৰজক উপস্থিত হৈ মীমাংসাৰ চেষ্টা কৰিও বিফল হ'ব লগীয়া পৰিস্থিতি।

উপায়ুক্তৰ নিৰ্দেশত অতিৰিক্ত উপায়ুক্ত ভৰত কোঁৱৰে ৩ঘণ্টাকৈ সভা কৰিও বিফল হ'ল একত্ৰিত কৰাত। সত্ৰৰ পৰিচালনা সমিতিয়ে সকলো ভকত বৈষ্ণৱ একত্ৰিতহৈ সত্ৰৰ নিত্য- নৈমিত্তিক কৰ্মসমূহ চলাই নিয়াত একমত যদিও একাংশ ভকতে একে লগে সত্ৰৰ নিত্য নৈমিত্তিক কৰ্ম নকৰো বুলি বদ্ধ পৰিকৰ হৈছে। প্ৰয়াত সত্ৰাধিকাৰ নাৰায়ন চন্দ্ৰ গোস্বামীৰ মৃত্যুৰ সময়ত একেলগ হৈছিল সত্ৰৰ যিকোনো সামাজিক ধৰ্মীয় কাম-কাজ। কিন্তু পৰিতাপৰ বিষয় সত্ৰাধিকাৰগৰাকীৰ মৃত্যুৰ ১ বছৰৰ পিছতেই পুনৰ দুটা ভাগত বিভক্ত হৈছে সত্ৰৰ বৈষ্ণৱসকল।

সত্ৰৰ একাংশ ভকতৰ মতে বৰ্তমান ৯৫ জন বৈষ্ণৱ থকা সত্ৰৰ সকলো একেলগে সত্ৰৰ নৈমিত্তিক কামসমূহ সূচাৰুৰূপে পৰিচালনা হ'ব লাগে। অন্য একাংশ ভকতৰ মতে পুৰণি ভাবে চলি অহা নীতি নিয়মৰ মতেই চলিব লাগে সত্ৰখন। কিন্তু এইবাৰ এনে ৰূপ পাইছে যে মাজুলী জিলা প্ৰশাসনে বিষয়টো হস্তক্ষেপ কৰিছে যদিও প্ৰশাসনৰ কথা নুশুনে একাংশ ভকত বৈষ্ণৱে। মাজুলী প্ৰশাসনে সত্ৰ বৈষ্ণৱসকলক একেলগ হৈ নৃত্যকৰ্ম চলাই নিবলৈ আহ্বাব কৰিও বিফল হৈছে। কোনো কাৰণতে একেলগ নহয় নতুন কমলাবাৰীৰ একাংশ বৈষ্ণৱ।

ডেকা সত্ৰীয়া বহাত অনুষ্ঠিত সভাৰ পাছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি একেলগে নৃত্য কৰ্ম কৰিলে জীৱনৰ নিৰাপত্তা নাই বুলি ভয়ংকৰ মন্ত্ৰব্য আগবঢ়ায়। এজন বৈষ্ণৱে ক্ষোভৰে কয় যে- "আমি আৰু এতিয়া কোনো কাৰণত এক হ'ব নোৱাৰো, যদি আমাৰ খোৱা বস্তুত বিহ দিয়ে ?" এনেধৰণৰ গুৰুত্বপূৰ্ণ আৰু গম্ভীৰ অভিযোগ এগৰাকী বৈষ্ণৱৰ। অন্যহাতে সত্ৰৰ ডেকা সত্ৰীয়া তথা সত্ৰ পৰিচালনা সমিতিৰ সভাপতি সত্যজিৎ মহন্তই সত্ৰখনত তেনে কোনো পৰিস্থিতি সৃষ্টি হোৱা নাই বুলি মন্ত্যব প্ৰকাশ কৰে।

সংগীত নাটক অকাডেমি বঁটা প্ৰাপক হৰিচৰণ ভূঞা তথা পৰিচালনা সমিতিৰ সম্পাদকে সকলোকে একেলগ হৈ সত্ৰখন আগুৱাই নিয়াৰ বাবে সকলোকে আহ্বান জনোৱাৰ লগতে সত্ৰৰ ধন সম্পত্তি ক্ষমতা কেন্দ্ৰীক সংঘাতৰ বাবে এনে পৰিস্থিতি হৈছে বুলি মন্ত্ৰব্য আগবঢ়ায়। কেইগৰাকীমান বৈষ্ণৱে সত্ৰ পৰিচালনা সমিতিখন নিষ্ক্ৰিয় কৰিবৰ বাবেই এই সংঘাত উদ্ভৱ কৰিছে বুলি মন্ত্ৰব্য আগবঢ়াই হৰিচৰণ ভূঞা বৰবায়নে।

আন্তঃকন্দলত জৰ্জৰিত নতুন কমলাবাৰী সত্ৰৰ বন্তি গছি জ্বলি থাকিবগৈনে তাৰো সন্দেহ প্ৰকাশ কৰিছে সত্ৰৰে একাংশ ভকত বৈষ্ণৱে। উল্লেখ্য যে, টকা পইচাৰ বাবেই এই সংঘাতৰ সূত্ৰপাত হয়। সত্ৰৰ স্থাৱৰ সম্পত্তি পৰা উপাৰ্জন হোৱা টকা কেইজনমান ব্যক্তিয়ে আত্মৎ কৰি অহাৰ লগতে পৰিচালনা সমিতিখন নিষ্ক্ৰিয় কৰা বাবেই এই ষড়যন্ত্ৰ। এনেকৈ থাকিলে নতুন কমলাবাৰী সত্ৰখন এদিন ধ্বংস হ'ব। এই আন্তঃকন্দলৰ বাবেই সত্ৰখন ধ্বংস মুখলৈ গৈ আছে বুলি সত্ৰৰ জ্যেষ্ঠ বৈষ্ণৱ প্ৰভাত বৰা বুঢ়া ভকতে মন্ত্ৰব্য আগবঢ়ায়।

নতুন কমলাবাৰী সত্ৰৰ অন্তঃকন্দলত যদি মীমাংসা নহয় এদিন এই সত্ৰখনৰ স্বৰ্ণিল ইতিহাস ভকতৰ অন্তঃকন্দলত বাবে ধ্বংস হ'ব । চৰকাৰ প্ৰশাসনে বিষয়টো কিমান গুৰুত্ব দি মীমাংসা কৰে সেয়া সময়ত লক্ষণীয় হ'ব । একাংশ স্বাৰ্থলোভী চতুৰ ভকতৰ বাবেই ঐতিহাসিক সত্ৰখনৰ দুৰাৱস্থা দেখি শিষ্য শুভাকাংক্ষী সকলো চিন্তিত হৈছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰ আৰু তদানীন্তন উপায়ুক্ত বিক্ৰম কৈৰীয়ে বহুতো প্ৰচেষ্টা চলাইছিল সত্ৰখনি একত্ৰিত কৰিবৰ বাবে। একত্ৰিত কৰাৰ বাবে বহুবাৰ সভা ও অনুষ্ঠিত কৰিছিল কিন্তু সফল নহ'ল। উদাসীন বৈষ্ণৱৰ এনে ক্ষোভ আক্ৰোশ ধন সম্প্ৰতিৰ প্ৰতি লোভ কিয় বুলিও প্ৰশ্ন অৱতাৰণা হৈছে ?

অন্তঃকন্দলত জৰ্জৰিত নতুন কমলাবাৰী সত্ৰ
চীনৰ "ষ্টেণ্ডাৰড মেপ"ত অৰুণাচল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in