/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/ecf48ed9-ae64-467d-bb9a-d974ce794535/yy.jpg)
ডিজিটেল সংবাদ, মাজুলী: ৰাজ্যিক জলসম্পদ বিভাগে নিৰ্মাণ কৰা এটা মথাউৰিয়ে আশাৰ বতৰা কঢ়িয়াই আনিছে উজনি মাজুলীলৈ। উল্লেখ্য যে, উজনি মাজুলী ৰাজহ চক্ৰৰ অন্তৰ্গত অসমৰ অন্যতম চহকী ৰাজহ গাঁও হৈছে গেজেৰা ৰাজহ গাঁও। কৃষি শস্যৰে নদন-বদন,অগাধ ধন সম্পত্তিৰে পৰিপূৰ্ণ হোৱাৰ উপৰিও সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক, শিক্ষা -দীক্ষা আদি সকলোতে আগবঢ়া বৃহত্তৰ গেজেৰা ৰাজহ গাঁওখন।
মিচিং জনগোষ্ঠীৰ পিতৃ সংগঠন মিচিং বানে কেবাঙৰ দৰে শতিকা জোৰা অতি পৌৰাণিক অনুষ্ঠানৰ প্ৰথমটো সাধাৰণ অধিৱেশন এই গাঁৱতে অনুষ্ঠিত হৈছিল। এই কথা মিচিং জনগোষ্ঠীৰে নহয় বৃহত্তৰ অসমীয়া জাতিৰ বাবেও এক গৌৰৱৰ বিষয়। যিটো অনুষ্ঠানত মুক্তি যুঁজাৰু, শিক্ষাবিদ,সমাজ সংস্কাৰক সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামীৰ দৰে বৰেণ্য ব্যক্তিয়ে সভাপতিৰ আসন অলংকৃত কৰিছিল।
এনেবোৰ অনেক চিৰস্মৰণীয় ঘটনাৰ সাক্ষী হৈ আছে গেজেৰা গাঁও। কিন্তু ১৯৬০-৬২ চন, ১৯৬৫-৬৬ চন আৰু ১৯৭৭ চনৰ ধাৰাবাহিক অভিশপ্তকাৰী অসমৰ প্ৰলয়ংকাৰী বানে সম্পূৰ্ণৰূপে গেজেৰা গাঁৱৰ ভৌগোলিক অৱস্থা থান-বান কৰি পেলাইছিল। ইয়াৰ লগে লগে সকলো গুণ গৰিমা, মৰ্যদা নিমিষতে চাৰখাৰ হৈছিল।
ইপিনে গেজেৰা ৰাজহ গাঁৱৰ সমীপতে অৱস্থিত জাৱৰচুক কাটনি, হালধিবাৰী, এনাইচুক, চাওকিয়া আদি বিভিন্ন ৰাজহ গাঁৱৰ অন্তৰ্গত কুলা কুটুম, দীঘলগড়া, পাটিৰিচুক,কাঠনি গাঁও,বৰগুলি,আমগুৰি, পাকেন,পাম গাঁও, কলিংচুক আদি মাজুলীৰ এই গাঁওবোৰ তেতিয়া অবিভক্ত শিৱসাগৰ জিলাৰ পৰা ফাটি যোৰহাট জিলাত অন্তৰ্ভুক্ত আছিল। কিন্তু প্ৰকৃতিৰ নিষ্ঠুৰ আক্ৰমণত অস্তিত্বৰ সংকটত ভূগি বৰ্তমান ধেমাজি জিলাৰ জোনাই,শদিয়াৰ লগতে ঢকুৱাখনাৰ বিভিন্ন ঠাইত নতুন বসতি স্থাপন কৰিলে। হেৰুৱালে মাজুলীৰ নিজা স্বাভিমানী পৰিচয়। সকলো গুণ গৰিমা সম্পূৰ্ণৰূপে বিসৰ্জন দিলে কালৰ গতিত। উকা হৈ ৰ'ল হেজাৰ হেজাৰ হেক্টৰ কৃষি ভূমি।
এই প্ৰলয়ংকাৰী বানৰ সুদীৰ্ঘ ৪৬ বছৰৰ পিছত মিচিং জাতীয় সংগঠন টিএমপিকে, এমএমকে গেজেৰা আঞ্চলিক সমিতি, উজনি গেজেৰা তথা নামনি গেজেৰা গাঁৱৰ বিশিষ্ট ব্যক্তিসকলৰ একান্ত প্ৰচেষ্টাৰ ফল ধৰে। জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকাৰ নৈতিক সমৰ্থনত গেজেৰা অঞ্চলত উকা হৈ থকা হেজাৰ হেজাৰ বিঘা ভূমি ঘূৰাই অনাৰ বাবে প্ৰায় ২৯ কোটি টকীয়া বৃহৎ প্ৰকল্পৰ কাম ৰূপায়ণ কৰি উজনি মাজুলীবাসীৰ সপোন সাৰ্থক কৰি তোলে। ৰাজ্যিক জলসম্পদ বিভাগৰ অধীনত ৰূপায়ণ হোৱা প্ৰস্তাৱিত প্ৰকল্পটো নাবাৰ্ড পুঁজিৰ জৰিয়তে হালধিবাৰী-জাৱৰচুকলৈ প্ৰায় ৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুন মথাউৰি নিৰ্মাণৰ কাম মাত্ৰ দুই মাহতে সম্পূৰ্ণ কৰি তুলিলে লখিমপুৰ ৰ নৰেন্দ্ৰ মহেশ্বৰী মালিকাধীন Northern gases কোম্পানীয়ে।
ইয়াৰ লগে লগে মাথাউৰিৰ ভিতৰ ভাগত প্ৰায় পাঁচ হেজাৰ হেক্টৰ কৃষি সুৰক্ষিত হৈছে। আগন্তক দিনত কৃষক ৰাইজে বাও খেতি,শালি খেতি,শষ্যজাত খেতি কৰিব পৰা সম্ভাৱনা ঘূৰি অহা বুলি স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে। য'তনামনি গেজেৰা, উজনি গেজেৰা, জাৱৰচুক কাঠনি, জাৱৰচুক কাঠনি, এনাইচুক,কেংমিলি, হালধিবাৰী, সোনোৱাল কছাৰী আদি বিভিন্ন গাঁৱৰ কৃষকৰ সপোনবোৰ দিঠকলৈ পৰিণত হোৱাৰ লগে লগে হাঁহি বিৰিঙিব।
গঠন হ'ব গ্ৰাম্য জীৱনৰ অৰ্থনৈতিক বুনিয়াদ। এনে প্ৰচুৰ সম্ভাৱনা সুৰক্ষিত ৰখাৰ প্ৰতি লক্ষ্য ৰাখি বান্ধৰ ৰিভাৰ চাইদত অত্যাধুনিক জিঅবেগ অথবা টিউৱৰ ব্যৱস্থা কৰা সংলগ্ন হোৱা হ'লে ইয়াৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ সচেতনমহলে দাবী জনাইছে।
Also Read: বটদ্ৰৱাৰ কহুৱাতলি আৰু কুজি সত্ৰত বিষ্ণু ৰাভা দিৱস পালন