বটদ্ৰৱাৰ কহুৱাতলি আৰু কুজি সত্ৰত বিষ্ণু ৰাভা দিৱস পালন

নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ কহুৱাতলি সূৰ্য্যোদয় যুৱক সংঘৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱসটি উদযাপন কৰা হয়। কাৰ্য্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে জেষ্ঠ নাগৰিক কৃষ্ণকান্ত নাথে।

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱাৰ কহুৱাতলি আৰু কুজি সত্ৰত বিষ্ণু ৰাভা দিৱস পালন

ডিজিটেল সংবাদ, বটদ্ৰৱা: নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ কহুৱাতলি সূৰ্য্যোদয় যুৱক সংঘৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱসটি উদযাপন কৰা হয়। কাৰ্য্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে জেষ্ঠ নাগৰিক কৃষ্ণকান্ত নাথে। পাছত কহুৱাতলি গাঁৱৰ পাঁচ গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা বন্তি প্ৰজ্বলন কৰা হয়।

Advertisment

দুপৰীয়া আকস্মিক বক্তৃতা, কবিতা আবৃত্তি প্ৰতিযোগিতাৰ লগতে কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। কুইজ প্ৰতিযোগিতা খনি পৰিচালনা কৰে সাংবাদিক দিব্যজ্যোতি বৰুৱাই। নিশা বিষ্ণু ৰাভা দিৱস উদযাপন সমিতিৰ সভাপতি ৰিতু্ৰাজ নাথ আৰু তিলক চন্দ্ৰ নাথে আঁত ধৰা এক সম্বৰ্ধনা অনুষ্ঠানৰ পাছত একক আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়।

কাইলৈ দিনৰ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ পাছত নিশালৈ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। ইফালে কুজি সত্ৰটো আজি কুজি সত্ৰ সৌমাৰ জ্যোতি সংঘৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা স্মৃতি দিৱস। পুৱা পতাকা উত্তোলন, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনৰ পাছত আকস্মিক বক্তৃতা, কবিতা আবৃত্তি প্ৰতিযোগিতা, ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হয়। বিয়লি তিনি বজাৰ পৰা অনুষ্ঠিত হয় আকৰ্ষণীয় কুইজ প্ৰতিযোগিতা। কুইজ প্ৰতিযোগিতা খনি পৰিচালনা কৰে সাংবাদিক দিব্যজ্যোতি বৰুৱাই।

নিশা কুজি সত্ৰ সৌমাৰ জ্যোতি সংঘৰ সভাপতি পৰশমণি দত্ত, সম্পাদক বিনয় বৰুৱাই আঁত ধৰা এক বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। সমগ্ৰ অনুুুষ্ঠানত কুজি সত্ৰৰ সত্ৰাধিকাৰ নিত্যানন্দ দেৱ গোস্বামীকে প্ৰমুখ্য কৰি সত্ৰৰ ভকত বৈষ্ণৱ, হৰিনাৰায়ণ গোস্বামী, গুঞ্জন হাজৰিকা, পৰাগমণি কেওটকে আদি কৰি শতাধিক লোক উপস্থিত থাকে।

Also Read: প্রকাশ সমষ্টি পুনৰ নিৰ্ধাৰণৰ নিৰ্দেশনামা: সংৰক্ষিত আসনৰ সংখ্যা বৃদ্ধি