আজিৰে পৰা ১৩ দিনীয়াকৈ মাজুলীত অনুষ্ঠিত হৈছে অসম ভাওনা সমাৰোহ

আজিৰে পৰা ১৩ দিনীয়াকৈ মাজুলীত অনুষ্ঠিত হৈছে অসম ভাওনা সমাৰোহ

author-image
Asomiya Pratidin
New Update
আজিৰে পৰা ১৩ দিনীয়াকৈ মাজুলীত অনুষ্ঠিত হৈছে অসম ভাওনা সমাৰোহ

ডিজিটেল সংবাদ, মাজুলীঃ মাজুলী আউনীআটী সত্ৰৰ উদ্যোগত অনুষ্ঠিত হৈছে দশম ভাওনা সমাৰোহ। ১৩ দিনীয়াকৈ অনুষ্ঠিত হৈছে ভাওনা সমাৰোহ। বৃহস্পতিবাৰে মনিকাঞ্চন ৰংগক্ষেত্ৰত অনুষ্ঠিত ভাওনা সমাৰোহত ৩০ খনৰো অধিক ভাওনাই অংশগ্ৰহণ কৰিব।

আজি দশম বৰ্ষত ভৰি দিয়া আউনীআটী সত্ৰৰ উদ্যোগত অনুষ্ঠিত ভাওনা সমাৰোহত ১৫ হাজাৰ মহিলাই একেলগে দিহানাম পৰিবেশন কৰে। এক আধ্যাত্মিক পৰিবেশে বিৰাজ কৰিছে। সকলো মহিলাই একেশ্বৰে দুটাকৈ দিহানাম পৰিবেশন কৰে। হৰিনামৰ ধ্বনিৰে মুখৰিত হয় আকাশ বতাহ। অসমৰ ইমুৰৰ পৰা সিমুৰলৈ হাজাৰ হাজাৰ মহিলাই অংশগ্ৰহণ কৰে। ১৫ হাজাৰ নামতিৰ দিহা নামেৰে মুখৰ হয় মনিকাঞ্চন ক্ষেত্ৰৰ মাজুলীৰ আকাশ বতাহ ।

অসমৰ ভিন্ন জিলাৰ পৰা নামটিয়ে অংশগ্ৰহণ কৰি আপ্লুত হয়। আউনীআটী সত্ৰত অগণন ভক্তৰ সমাগম পৰিলক্ষিত হৈছে। পুৱা পতাকা উত্তোলন গুৰু আসন প্ৰতিস্থা আদি অনুষ্ঠিত হয় । ১২ বজাত দিহানাম অনুষ্ঠিত হয় । ইয়াৰ পাছতেই ভক্তিৰংগ স্মৃতি গ্ৰন্থ উন্মোচন কৰে সাংবাদিক দেৱব্ৰত মিশ্ৰ ই। উক্ত কাৰ্যসূচীত কৃষি মন্ত্ৰী অতুল বৰাৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Also Read: ৰাশিকা প্ৰথম হোৱাত আপত্তি কিয়?