নিশা শহুৰেকৰ ঘৰলৈ যোৱাৰ বাবে গণ প্ৰহাৰ এজনক, ভয়ংকৰ অভিযোগ আৰক্ষী বিষয়াৰ বিৰুদ্ধে

বালিচাপৰি আউট পোষ্টৰ অন্তৰ্গত বাঘৰ গাঁৱত ১০ জুনত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। নিশা ১ বজাত শহুৰেকৰ ঘৰলৈ জোৱায়েক যোৱাৰ বাবে গণৰোষৰ বলি হ'ব লগা হৈছে।

author-image
Asomiya Pratidin
New Update
নিশা শহুৰেকৰ ঘৰলৈ যোৱাৰ বাবে গণ প্ৰহাৰ এজনক, ভয়ংকৰ অভিযোগ আৰক্ষী বিষয়াৰ বিৰুদ্ধে

ডিজিটেল সংবাদ, মাজুলীঃ বালিচাপৰি আউট পোষ্টৰ অন্তৰ্গত বাঘৰ গাঁৱত ১০ জুনত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। নিশা ১ বজাত শহুৰেকৰ ঘৰলৈ যোৱা কাল হ'ল জোৱায়েকৰ বাবে। গণৰোষৰ বলি হ'বলগীয়া হ'ল সকলোৰে পৰিচিত সমাজৰ আগৰণুৱা ব্যক্তি দিব্যজ্যোতি নাথ।

Advertisment

দিব্যজ্যোতি নাথৰ ঘৰ গড়মূৰ মেৰুৱাবাৰীত। চোৰৰ আতংক চলি থকাৰ বাবে একাংশ উদণ্ড লোকে দিব্যজ্যোতিৰ কোনো কথা নুশুনাকৈ উপৰ্যুপৰি প্ৰহাৰ কৰি মুমূৰ্ষ কৰি পেলায়। আনহাতে বালিচাপৰি থানাৰ আৰক্ষী বিষয়া দিপজ্যোতি কাকতিয়ে ভুক্তভোগীক উদ্ধাৰ কৰাৰ নামত পিতৃ আনন্দ নাথৰ পৰা নগদ ২৫০০টকা লুট কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে ।

আৰক্ষী বিষয়াই ঘটনাৰ লগত জড়িত লোকক ধৰি আনি বিহিত ব্যৱস্থা লোৱাৰ বিপৰীতে ভুক্তভোগীকহে বিভিন্ন ভয় দেখুৱাই ঘটনাৰ লগত জড়িত ভিডিপি/গাওঁবুঢ়াক ৰক্ষণা-বেক্ষণ দিয়াৰ অভিযোগ পৰিয়ালৰ।

ঘোচখোৰ আইচিৰ বিৰুদ্ধে জাঙুৰ খাইছে পৰিয়াল তথা দিব্যজ্যোতি নাথৰ গাঁৱৰ ৰাইজ।আনহাতে VDP আৰু গাঁওবুঢ়াই সমষ্ট ঘটনা তেওঁলোকৰ সন্মুখত স্থানীয় লোকে কৰিছে বুলি লিখিতভাৱে স্বীকাৰ কৰিছে।

আইচিয়ে বলপূৰ্বকভাৱে দিব্যজ্যোতিক এৰি দিয়াৰ নামত নগত ২৫০০টকা লোৱাৰ অভিযোগ পৰিয়ালৰ ।ঘটনাৰ লগত জড়িত মাৰপিট কৰা সকলক ৰক্ষনাবেক্ষন দিয়াৰ অভিযোগ মাজুলী বালিচাপৰি আৰক্ষী নিবেশৰ ভাৰপ্ৰাপ্ত বিষয়া দিব্যজ্যোতি কাকতিৰ বিৰুদ্ধে। মঙলবাৰে পিতৃ আৰু জেষ্ঠ ভাতৃয়ে এজাহাৰ দাখিল কৰিছে আৰক্ষীৰ বিৰুদ্ধে। গতিকে এইগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে প্ৰশাসনে কি ব্যৱস্থা ল'ব সেয়া হ'ব লক্ষণীয়।

Also Read: ইটাখোলাত মহিলা আত্মসহায়ক গোটৰ ধন আত্মসাৎ, ৫ লাখ টকা লৈ উধাও এজন

Assam police