ইটাখোলাত মহিলা আত্মসহায়ক গোটৰ ধন আত্মসাৎ, ৫ লাখ টকা লৈ উধাও এজন

অসম গ্ৰামীন বিকাশ বেংকৰ ইটাখোলা শাখাৰ পৰা ঋণ লোৱা ১২ টাকৈ আত্ম সহায়ক গোটৰ টকা আত্মসাৎ কৰি বৰ্তমানে পলাতক অৱস্থাত আছে বেংকটোৰ এজেন্ট ধ্ৰুৱজ্যোতি শইকীয়া ৷

author-image
Asomiya Pratidin
New Update
ইটাখোলাত মহিলা আত্মসহায়ক গোটৰ ধন আত্মসাৎ, ৫ লাখ টকা লৈ উধাও এজন

ডিজিটেল ডেস্কঃ অসম গ্ৰামীন বিকাশ বেংকৰ ইটাখোলা শাখাৰ পৰা ঋণ লোৱা ১২ টাকৈ আত্ম সহায়ক গোটৰ টকা আত্মসাৎ কৰি বৰ্তমানে পলাতক অৱস্থাত আছে বেংকটোৰ এজেন্ট ধ্ৰুৱজ্যোতি শইকীয়া ৷ উল্লেখ্য যে ইটাখোলা অঞ্চলৰ একাংশ দুখীয়া দৰিদ্ৰ গঞাঁ মহিলাই আত্ম সহায়ক গোটৰ জৰিয়তে টকা ঋণ লৈছিল অসম গ্ৰামীণ বিকাশ বেংকৰ ইটাখোলা শাখাটোৰ পৰা ৷

মহিলা সকলে ঋণ লাভ কৰাৰ ক্ষেত্ৰত সকলো সহযোগীতা আগবঢ়াইছিল বেংকটোৰ দ্বাৰা নিয়োজিত এজেণ্ট ধ্ৰুৱজ্যোতি শইকীয়াই ৷ পিছত এজেণ্ট গৰাকীয়ে প্ৰতিগৰাকী মহিলা তথা গোটৰ সদস্যাৰ পৰা ঋণ পৰিশোধৰ নামত ধন সংগ্ৰহ কৰি উক্ত ধন বেংকত জমা দিয়াৰ পৰিৱৰ্তে সমুদায় ধন আত্মসাৎ কৰে ৷

ভুক্তভোগী মহিলা আত্মসহায়ক গোটৰ সদস্যা সকলে অভিযোগ কৰা মতে বেংকৰ এজেন্ট ধ্ৰুৱজ্যোতি শইকীয়াই প্ৰায় ৫ লাখ টকা নিজৰ পকেটত ভৰাই সম্প্ৰতি পলাতক অৱস্থাত আছে ৷ আজি বৃহত্তৰ অঞ্চলটোৰ মহিলা সকল একত্ৰিত হৈ ধ্ৰুৱজ্যোতি শকীয়াই কৰা প্ৰতাৰণা প্ৰৱঞ্চনাৰ বিৰুদ্ধে ইটাখোলাস্থিত শংকৰদেৱ ভৱনত প্ৰতিৱাদী সভা অনুষ্ঠিত কৰাৰ লগতে ইটাখোলা আৰক্ষী চকীত এখন এজাহাৰো দাখিল কৰে ৷

Also Read: জাগীৰোড মৰিগাঁও সংযোগী পথে জ্বলা-কলা খুৱাইছে ৰাইজক, উপায়ুক্তক স্মাৰক পত্ৰ প্ৰেৰণ