/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/c0e2f2f1-d6fa-42dd-8946-e910850b8332/majuli_new.jpg)
সোণালী জয়ন্তী
ডিজিটেল সংবাদ, মাজুলীঃ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰ্যসূচীৰে সোমবাৰে সামৰণি পৰিল উজনি মাজুলীৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান শ্ৰীৰাম বনমালীদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তীৰ কাৰ্যসূচী ।
পঞ্চাশ বছৰ গৰকা শ্ৰীৰাম বনমালীদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দেওবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ সাংস্কৃতিক কাৰ্যসূচীয়ে সভাৰ সৌস্তভ বৃদ্ধি কৰে ।
গায়ন বায়ন, বিহু, গোমৰাগ নৃত্য, নেপালী, দেউৰী, ভাওনা দল, শিক্ষক, ছাত্ৰ-ছাত্রী আদিকে ধৰি বাৰেৰহনীয়া সাংস্কৃতিক দলে সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰে । ইয়াৰ পিছতে অনুষ্ঠিত হয় মুকলি সভাৰ কাৰ্যসূচী ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/1520794e-d140-45b4-b287-5f0d8002732e/75f149ff_5bd2_478d_a125_b9df2e9dd3a3.jpg)
ইপিনে গৌৰৱোজ্জ্বল পঞ্চাশ বছৰীয়া ইতিহাস গৰকা উজনি মাজুলীৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান শ্ৰীৰাম বনমালীদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দেওবাৰৰ পৰা আৰম্ভ হোৱা সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ প্ৰথমটো দিনা পতাকা উত্তোলন কাৰ্যসূচীত মাজুলী বিভিন্ন অঞ্চলৰ শিক্ষাবিদ, সমাজ সংগঠক, বিশিষ্ট নাগৰিক, সাহিত্যিক, অসৱৰপ্ৰাপ্ত শিক্ষক-কৰ্মচাৰী আদিয়ে অংশগ্ৰহণ কৰি পঞ্চাশটা পতাকা উত্তোলনৰ এক গৌৰৱময় ইতিহাসৰ সাক্ষী হৈ পৰে ।
এই কাৰ্যসূচীত মুখ্য উত্তোলক হিচাপে সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি নৰেন্দ্ৰ শৰ্মাই অংশগ্ৰহণ কৰাৰ লগতে বিদ্যালয়ৰ পতাকা উত্তোলন কৰে শ্ৰীৰাম বনমালীদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অসীম হাজৰিকাই ।
কাৰ্যসূচী অনুসৰি পুৱা পৰিৱেশ নিকাকৰণ, স্মৃতি তৰ্পণ । তৰ্পণ কৰে শ্ৰীৰাম বনমালীদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক কেশৱ চন্দ্ৰ বৰাই ।
গছ পুলি ৰোপণ কৰে ফুলনি এম ই স্কূলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰফুল্ল বৰাই । দিনৰ এঘাৰ বজাৰ আৰম্ভ হয় প্ৰাক্তন ছাত্ৰ সমাৰোহ আৰু আলোচনা চক্ৰ অনুষ্ঠানত "নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০" শীৰ্ষক বিষয়ৰ ওপৰত আলোচনা চক্ৰ অনুষ্ঠিত হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/9cf96236-12f9-4263-9fc8-5aaa515ea7af/9dc7dfed_ffe6_42fb_86e9_92a66baaf1e7.jpg)
Also Read: তাৎক্ষণিক হ'ব বিবাহ বিচ্ছেদৰ প্ৰক্ৰিয়া...