মাজুলীৰ নৱ নিযুক্ত উপায়ুক্তক বিভিন্ন দল-সংগঠনৰ উষ্ম আদৰণি

মাজুলী জিলাৰ নৱনিযুক্ত উপায়ুক্ত কাবেৰী বৰকাকতি শৰ্মাক মংগলবাৰে জিলাখনৰ বিভিন্ন দল-সংগঠনে উষ্ণ আদৰণি জনোৱাৰ লগতে মাজুলীৰ বিভিন্ন সমস্যাৰ ওপৰত আলোচনা কৰে।
মাজুলীৰ নৱ নিযুক্ত উপায়ুক্তক বিভিন্ন দল-সংগঠনৰ উষ্ম আদৰণি

ডিজিটেল সংবাদ, মাজুলী: মাজুলী জিলাৰ নৱনিযুক্ত উপায়ুক্ত কাবেৰী বৰকাকতি শৰ্মাক মংগলবাৰে জিলাখনৰ বিভিন্ন দল-সংগঠনে উষ্ণ আদৰণি জনোৱাৰ লগতে মাজুলীৰ বিভিন্ন সমস্যাৰ ওপৰত আলোচনা কৰে। জিলা উপায়ুক্ত সভাগৃহত অনুষ্ঠিত অনুষ্ঠানত জিলা সাংবাদিক সন্থাৰ হৈ সভাপতি দিবাকৰ শইকীয়া,গড়মূৰ প্ৰেছ ক্লাবৰ সভাপতি উৎপল কাকতি আৰু আপকু জিলা সমিতিৰ সভাপতি জ্যোতিষ কুমাৰ তামুলীয়ে নতুন উপায়ুক্তক গামোচাৰে সম্বৰ্ধনা জনায়৷

ইয়াৰ পিছতে মাজুলীৰ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা হয়। উপায়ুক্তগৰাকীয়ে মাজুলীলৈ পূৰ্বে কেবাবাৰো অহাৰ বিষয়ে উল্লেখ কৰি পূৰ্বৰ মাজুলী আৰু আজিৰ মাজুলীৰ মাজত যথেষ্টখিনি পৰিৱৰ্তন হোৱা বুলি সদৰি কৰে। তৎস্বতেও জিলাখনৰ উন্নয়নৰ ক্ষেত্ৰত বহুখিনি কৰিবলগীয়া থকাৰ দিশটো উনুকিয়াই উপায়ুক্তগৰাকীয়ে।

আলোচনাত দীপু বৰা, পদ্মধৰ কলিতা, যদু কলিতা, বিপুল শইকীয়া, ৰঞ্জিৎ কুমাৰ ভূঞা, ৰাজীৱ পাতিৰ, জীৱন বৰুৱা, ৰজনীকান্ত বৰদলৈ আদিয়ে মাজুলীৰ চিকিৎসা ক্ষেত্ৰৰ দূৰাৱস্থাৰ পৰা আৰম্ভ কৰি পথ-জল যাতায়াত, শেহতীয়াকৈ দেখা দিয়া দৰিয়া দলঙৰ আঁসোৱাহ, কমলাবাৰীত অৰ্ধনিৰ্মীত পকী নলাৰ সমস্যা, মাজুলী যোৰহাট সংযোগী দলং, চেলেক ধূনাগুৰি ঘাটৰ ফেৰীৰ সমস্যা, নিৰ্মীয়মান বিভিন্ন উন্নয়ন মূলক প্ৰকল্প-পথৰ নিম্নমানৰ কাম, জিলাখনৰ ভৌগোলিক সমস্যা,খহনীয়া, অসুৰক্ষিত মথাউৰি আদি বিভিন্ন সমস্যাৰ আলোকপাত কৰি উপায়ুক্তগৰাকীক হস্তক্ষেপৰ আহ্বান কৰে।

উপায়ুক্ত কাবেৰী বৰকাকতি শৰ্মাই উক্ত সমস্যা সমূহ সমাধানৰ বাবে নিশ্চিত ভাবে পদক্ষেপ গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰি সকলোৰে সহযোগিতা বিছাৰে। আলোচনাত মাজুলীৰ অতিৰিক্ত উপায়ুক্ত বিপুল দাস, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিতিমনি পেগু, জিলা তথ্য আৰু জনসংযোগ বিষয়া দেৱনাৰায়ণ হাজৰিকা উপস্থিত থাকে।

ইপিনে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ফুলনি জকাইবোৱা সমষ্টিৰ সাধাৰণ সদস্য ত্ৰৈলোক্য পামেগাম, টিএমপিকে মাজুলী জিলা সমিতিৰ উপ-সভাপতিদ্বয় লিয়াৰ্ড ৰেগন, দিলীপ গাম,শিক্ষা সম্পাদক উত্তম নৰহ, সদস্য প্ৰণৱ পায়েং আৰু দ্বীপজ্যোতি দাওৰ সহিতে এটা প্ৰতিনিধি দলে মাজুলীৰ স্হানীয় বিধায়ক ভূৱন গামৰ উপস্থিতিত নৱ নিযুক্ত উপায়ুক্তগৰাকীক উপায়ুক্তৰ সভাকক্ষত সাক্ষাৎ কৰি মিচিং জনগোষ্ঠীয় বস্ত্ৰ, মিচিং এৰকগ আৰু এখন ডায়েৰী দি আদৰণি জনায়।

লগতে মাজুলী জিলাত ভূমি সম্পৰ্কীয় সমস্যা অৰ্থাৎ মিছন বসুন্ধৰা আৰু খিলঞ্জীয়া লোকসকলে সন্মুখীন হোৱা সমস্যাসমূহ উপায়ুক্তৰ সৈতে আলোচনা কৰে সংগঠনৰ প্ৰতিনিধি দলটোৱে। মাজুলী জিলা মইনা পাৰিজাত আৰু শিশু সমাৰোহ আদৰণি সমিতিৰ সমূহ বিষয়ববিয়াই মাজুলী জিলাৰ নৱনিযুক্ত উপায়ুক্তক এখন ফুলাম গামোচাৰে আদৰণি জনোৱা লগতে কণ কণ শিশুসকলৰ উন্নতিৰ বাবে সহায় সহযোগিতা কামনা কৰে।

আৰু পঢ়ক: অবৈধ নিচাসক্ত দ্ৰব্য বিক্ৰেতাৰ বিৰুদ্ধে যুৱ-ছাত্ৰৰ সকিয়নী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in