অবৈধ নিচাসক্ত দ্ৰব্য বিক্ৰেতাৰ বিৰুদ্ধে যুৱ-ছাত্ৰৰ সকিয়নী

অবৈধ নিচাসক্ত দ্ৰব্য বিক্ৰেতাৰ বিৰুদ্ধে যুৱ-ছাত্ৰৰ সকিয়নী

নগাঁও চহৰৰ অলিয়ে গলিয়ে পুনৰ নিচাজাতীয় সামগ্ৰীৰ অবাধ বিক্ৰীৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ স্থিতি শূন্য সহনশীলতাৰ উদ্দেশ্যে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে মঙ্গলবাৰে জিলা উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান কৰে ৷

ডিজিটেল সংবাদ,নগাওঁ :নগাঁও চহৰৰ অলিয়ে গলিয়ে পুনৰ নিচাজাতীয় সামগ্ৰীৰ অবাধ বিক্ৰীৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ স্থিতি শূন্য সহনশীলতাৰ উদ্দেশ্যে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে মঙ্গলবাৰে জিলা উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান কৰে ৷ গাঁৱে ভূঞে নগৰে চহৰে বসবাস কৰা লাখ লাখ কিশোৰ তথা যুৱক-যুৱতীয়ে ঠাইতে পোৱা অবৈধ ফাৰ্মাচী আৰু পাইকাৰী ঔষধ বিক্ৰী কৰা দোকানৰ পৰা কফ চিৰাপ ,নিচাজাতীয় টেবলেট ক্ৰয় কৰি সেৱন কৰা ফলত ধ্বংসৰ গৰাহত পৰাৰ অভিযোগ আনিছে পৰিষদে।

পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়া আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক পাৰ্থপ্ৰতীম বৈৰাগীয়ে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰি এক বিবৃতি যোগে জনায় যে- নগাঁও জিলা ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়ৰ চূড়ান্ত হেমাহীৰ বাবে একাংশ ফাৰ্মাচীয়ে অনুজ্ঞাপত্ৰ অবিহনে আৰু কিছুসংখ্যক পাইকাৰী ঔষধ বিক্ৰী কৰা প্ৰতিষ্ঠানে বিভাগীয় গাফিলতিৰ সুযোগলৈ নিচাজাতীয় কফ চিৰাপ, টেবলেট বিক্ৰী কৰিছে ৷ ফলশ্ৰুতিত নৱপ্ৰজন্ম ধ্বংসৰ গৰাহত পৰিছে৷ ইয়াৰ বাবে দায়ী কোন বুলি নেতাদ্বয়ে প্ৰশ্নৰ অৱতাৰণা কৰে৷ লগতে পৰিষদৰ তৰফৰ পৰা তিনিটা দাবী সম্বলিত স্মাৰকপত্ৰ জিলা উপায়ুক্তক প্ৰদান কৰে৷

এই বিষয়ত উপায়ুক্তৰ হস্তক্ষেপ দাবী কৰি পৰিষদৰ তৰফৰ পৰা স্থিতি স্পষ্ট কৰি জনাই যে নিচাজাতীয় ঔষধ বিক্ৰীৰ লগতে সৰবৰাহ কৰা এজেঞ্চিৰ অনুজ্ঞাপত্ৰ পুনৰীক্ষণ কৰাৰ লগতে জিলা ঔষধ পৰিদৰ্শকে অনুজ্ঞাপত্ৰবিহীন ফাৰ্মাচীত তালাচী চলাই আৰু পাইকাৰী ঔষধ বিক্ৰী প্ৰতিষ্ঠানৰ বিক্ৰীৰ ক্ষেত্ৰত থকা আইন কঠোৰভাবে প্ৰণয়ন কৰবি লাগে ৷ অন্যথা পৰিষদৰ তৰফৰ পৰা বিভাগৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী ল'ব বুলি জনায়৷

উল্লেখ্য যে নগাঁৱৰ মৰিকলং আৰক্ষী পহৰা চকীৰ দ্বাৰা বহুসংখ্যক কফচিৰাপ জব্দ কৰিছে৷ এই বিষয়ত জড়িত সংশ্লিষ্ট পাইকাৰী ঔষধ বিক্ৰী কৰা প্ৰতিস্থান খন শীঘ্ৰে বন্ধ কৰি দিবলৈ জিলা প্ৰশাসনক পৰিষদে দাবী জনায়৷ স্মাৰকপত্ৰ প্ৰদানৰ মূহূৰ্তত কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক দিপমনি বড়াৰ লগতে প্ৰবাল শৰ্মা আৰু দিপু শইকীয়া উপস্থিত থাকে৷

আৰু পঢ়ক: বুট-মাহ খোৱাৰ পাছতেই অসুস্থ, ১৪ জন চিকিৎসাধীন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in