প্ৰকৃতিয়ে তাণ্ডৱ চলাইছে তুৰস্কতঃ আকৌ আহিল এটা বৃহৎ ভূমিকম্প...

প্ৰকৃতিয়ে তাণ্ডৱ চলাইছে তুৰস্কতঃ আকৌ আহিল এটা বৃহৎ ভূমিকম্প...
প্ৰকৃতিয়ে তাণ্ডৱ চলাইছে তুৰস্কতঃ আকৌ আহিল এটা বৃহৎ ভূমিকম্প...

ডিজিটেল ডেস্কঃ প্ৰকৃতিৰ ৰোষত পৰিছে মধ্য প্ৰাচ্যৰ দেশ তুৰস্ক। আজি পুৱাই অহা ভূমিকম্পই ধ্বংস্তূপলৈ পৰিণত কৰা তুৰস্কত পুনৰ আহিল আন এটা ভূমিকম্প। এইবাৰ ভূমিকম্পৰ উৎপত্তিস্থল দক্ষিণ তুৰস্কৰ কাহৰানমাৰাছ প্ৰদেশৰ এলবিস্তান জিলা।

ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য ৭.৬ আৰু ভূমিৰ পৰা ১৮ কিলোমিটাৰ তলত। উল্লেখ্য যে, পুৱা ৪ঃ১৭ বজাত তুৰস্কত ৭.৮ প্ৰাবল্যৰ এক ভূমিকম্পই ধ্বংসলীলা চলাইছিল। য'ত ১৫০০ ৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে বহু হাজাৰ লোক। এই ভূমিকম্পই কেৱল তুৰস্কতেই নহয়, চিৰিয়াটো দামাস্কাচ, লাটাকিয়া আৰু অন্যান্য প্ৰদেশত বিস্তৰ ক্ষতি সাধন কৰিছে।

উল্লেখ্যে যে, এই দুটা ভূমিকম্পৰ উপৰিও আন বহু কেইটা মৃদু কম্পন ঘনিভূত হৈছে তুৰস্কত। তথ্য অনুসৰি, পুৱা প্ৰথমটো ভূমিকম্পৰ ঠিক ১০ মিনিট পিছত ৬.৭ প্ৰাবল্যৰ ভূমিকম্প আহে। ফলত প্ৰথমটো ভূমিকম্পই জোকাৰি যোৱা দেশখনত এই ভূমিকম্পই ধ্বংসলীলা চলায়।

প্ৰকৃতিয়ে তাণ্ডৱ চলাইছে তুৰস্কতঃ আকৌ আহিল এটা বৃহৎ ভূমিকম্প...
ভূমিকম্পই ধ্বংস্তূপলৈ পৰিণত কৰা তুৰস্কলৈ ভাৰতৰ উদ্ধাৰকাৰী দল, প্ৰেৰণ সাহায্য সামগ্ৰী....

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in