কঠীয়াতলী উন্নয়ন খণ্ডত চৰকাৰী আঁচনিৰ নামত বৃহৎ কেলেংকাৰী

৩মাহতে ২টাকৈ চৰকাৰী গৃহৰ আৱণ্টন পালে ৰহা সমষ্টিৰ গৰুবাট মৌজাৰ এজন বি জে পি নেতাই
কঠীয়াতলী উন্নয়ন খণ্ডত চৰকাৰী আঁচনিৰ নামত বৃহৎ কেলেংকাৰী

ডিজিটেল সংবাদ,কামপুৰ : নগাওঁ জিলাৰ কঠীয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত জুৰিৰপাৰ পঞ্চায়তত চৰকাৰী আঁচনিত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ। ৩মাহতে ২টাকৈ চৰকাৰী গৃহৰ আৱণ্টন পালে ৰহা সমষ্টিৰ গৰুবাট মৌজাৰ এজন বি জে পি নেতাই।

ৰহা সমষ্টিৰ কঠীয়াতলী উন্নয়ন খণ্ডৰ অধীনস্থ জুৰিৰপাৰ গাঁও পঞ্চায়তৰ ফৰিদ উদ্দিন তালুকদাৰ নামৰ প্ৰৱীন বি জে পি নেতাজনৰ কৰ্ম কাণ্ডই দেখি সকলোৰে চকু কপালত উঠিছে। প্ৰাক্তন ৰে'ল মন্ত্ৰী ৰাজেন গোঁহাইৰ ঘনিষ্ঠ সহযোগী তথা ৰহা সমষ্টিৰ গৰুবাট মণ্ডল বি জে পিৰ এজন প্ৰৱীন বি জে পি কৰ্মী ফৰিদ উদ্দিন তালুকদাৰে বহু চৰকাৰী আঁচনিত অনিয়ম কৰাৰ অভিযোগ উঠিছে।

অভিযোগ মতে ৰাজহুৱা স্থানত লগাব অহা সৌৰ চাকি নিজৰ চোতালত লগোৱাৰ লগতে বিগত ৩মাহৰ ভিতৰত ২টাকৈ চৰকাৰী ঘৰৰ হিতাধিকাৰী হোৱাৰ সুবিধা ঘটিল ফৰিদ উদ্দিন তালুকদাৰৰ। জানিব পৰা মতে যোৱা ২২ এপ্ৰিল ২০২১ত ফৰিদ উদ্দিন তালুকদাৰৰ নামত কঠীয়াতলী উন্নয়ন খণ্ডৰ জুৰিৰপাৰ পঞ্চায়তৰ জৰিয়তে এটি প্ৰধান মন্ত্ৰীৰ আৱাস গৃহৰ আৱণ্টন হয়। এই ঘৰটো ১১মে ২০২২ত চৰকাৰীভাৱে সম্পূৰ্ণ হোৱা দেখুৱায়।

ঘৰটোৰ আই ডি নং AS-1770102।কিন্তু ফৰিদ উদ্দিন তালুকদাৰৰ পত্নী মিনা মেধিৰ নামত আই ডি নং AS-126452814 পুনৰ চলিত বৰ্ষৰ ৮ জানুৱাৰীত এটা ঘৰ আৱণ্টন হয়। এই ঘৰটোৰ প্ৰথম কিস্ত ৰ ৩২ হাজাৰ ৫ টকা মিনা মেধিৰ গ্ৰামীন বিকাশ বেংকৰ একাউণ্টত সোমায়।

ৰাইজৰ অভিযোগ পঞ্চায়তৰ সভাপতি,সচিব,জি পি চি,উন্নয়ন খণ্ডৰ অভিযন্তাকে ধৰি বিষয়াবৰ্গ চৰকাৰী গৃহ আৱণ্টৰ বিষয়টো তদাৰক কৰি থকাৰ পিছতো কেনেদৰে এটা বছৰত এটা পৰিয়ালতে দুটাকৈ ঘৰ পাবলৈ সক্ষম হ'ল বুলি অভিযোগ তোলে। উল্লেখ্য যে এইজন বি জে পি নেতাই ৰাজহুৱা স্থানত লগাব অহা সৌৰ চাকি নি নিজৰ চোতালত লগোৱাৰো অভিযোগ উঠিছে।

কঠীয়াতলী উন্নয়ন খণ্ডত চৰকাৰী আঁচনিৰ নামত বৃহৎ কেলেংকাৰী
দুটা কোঠালিযুক্ত ঘৰৰ পৰা আই পি এলৰ নায়ক হোৱালৈকে ৰিংকু সিঙৰ যাত্ৰা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in