মাজবাট আৰক্ষীৰ অভিযানত জব্দ বুজন পৰিমাণৰ ভাং

মাজবাট আৰক্ষীৰ অভিযানত জব্দ বুজন পৰিমাণৰ ভাং

ডিজিটেল সংবাদ,মাজবাট : মাজবাট আৰক্ষীয়ে দেওবাৰে চলোৱা এক অভিযানত ৯৫ কেজি ভাং জব্দ কৰে। মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় সিং ডুবেৰ নেতৃত্বত লালপানী আৰক্ষী চকীৰ আই চি প্ৰনৱ বৰুৱা,এল চি মজনু আলি,অৰুপ দাস,কমল নাথৰ লগতে এ পি বি এনৰ জোৱান লগত যোৱা এটা আৰক্ষীৰ দলে অভিযানত অসম -অৰুণাচল সীমান্ত এলেকাৰ বস্কবাৰী এলেকাৰ খিয়াজুলি অঞ্চলৰ ঘন অৰণ্যৰ পৰা তিনিখন চাইকেল সহ ৯৫ কেজি ভাং জব্দ কৰে।

উল্লেখ্য যে উক্ত অঞ্চলত চোৰাং ভাং ব্যৱসায়ীসকলে আৰক্ষী প্ৰৱেশৰ উমান পায় ভাং চাইকেল আৰু ভাং এৰি আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে। পিছত মাজবাট আৰক্ষীয়ে ভাংসহ ৩খন চাইকেল মাজবাট থানালৈ লৈ আহে আৰু ৭৬/২৩ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। জব্দকৃত ভাংখিনিৰ মূল্য প্ৰায় ১৫ লাখ টকা হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

মাজবাট আৰক্ষীৰ অভিযানত জব্দ বুজন পৰিমাণৰ ভাং
মঙলদৈ নৈৰ পাৰত আৰম্ভ হ'ল ৪৪ সংখ্যক শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in