মঙলদৈ নৈৰ পাৰত আৰম্ভ হ'ল ৪৪ সংখ্যক শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ

মঙলদৈ নৈৰ পাৰত আৰম্ভ হ'ল ৪৪ সংখ্যক শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ

author-image
Asomiya Pratidin
New Update
মঙলদৈ নৈৰ পাৰত আৰম্ভ হ'ল ৪৪ সংখ্যক শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ

ডিজিটেল সংবাদ,‌মঙলদৈ : অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দৰং জিলাৰ মঙলদৈতো আৰম্ভ হ'ল শ্ৰীশ্ৰী কৃষ্ণ ৰাস মহোৎসৱ। দেওবাৰে মঙলদৈত শ্ৰী শ্ৰী কৃষ্ণ ৰাসোৎসৱৰ ধৰ্মধ্বজা উত্তোলনৰ পিছত অনুষ্ঠিত হয় সাংস্কৃতিক শোভাযাত্ৰা।

Advertisment

বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে বিশিষ্ট অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে। সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন কৃষ্টি প্ৰদৰ্শন কৰাৰ লগতে বিশেষকৈ দৰঙী কৃষ্টি ওজা, ঢেপা ঢুলীয়া, ভাউৰীয়া, দেওধনীকে ধৰি বহু কৃষ্টি প্ৰদৰ্শন কৰে। চিৰ প্রৱাহমান মঙলদৈ নদীৰ দুয়ো তীৰত অনুষ্ঠিত হয় ৪৪ সংখ্যক শ্রীশ্রী কৃষ্ণ ৰাসোৎসৱৰ ।

মঙলদৈ সনাতন ধর্মসভাৰ উদ্যোগত দেওবাৰৰ পৰা 8 ডিচেম্বৰলৈ অনুষ্ঠিতব্য ৰাসোৎসৱৰ বাবে বিজুলী চালিতকে ধৰি ৩শৰো অধিক মৃন্ময় মূর্তি সাজু কৰা হৈছে। প্ৰায় ২৮ লাখ বাজেট নিৰ্দ্ধাৰণ কৰি আয়োজন কৰা ৰাসোৎসৱৰ মূল সমিতিৰ লগতে বিত্ত,সাংস্কৃতিক, খাদ্য, কার্যালয়, মূর্ত্তি বিভাগ, শোভাযাত্রা, স্মৃতিগ্রন্থ, ৰঙা মঞ্চ-তোৰণ পূজা, প্রচাৰ, চিকিৎসা আদি ১৯খন উপ-সমিতিয়ে নিজৰ নিজৰ কামসমূহ তৎপৰতাৰে সাজু কৰি তুলিছে।

প্রত্যেক দিনাই মঙলদৈ ৰাসোৎসৱলৈ অহা লাখ লাখ ভক্তক আদৰিবলৈ আৰু পূৰ্বতকৈয়ো অধিক শৃংখলা শান্তি বজাই ৰখাৰ কামত মহাবিদ্যালয়সমূহৰ শতাধিক-ছাত্র-ছাত্রীক স্বেচ্ছাসেৱক হিচাপে নিয়োজিত কৰা হৈছে। ইতিমধ্যে তেওঁলোকক যাৱতীয় প্রশিক্ষণো প্রদান কৰা হৈছে।

এইবাৰ ৰাস আনুষ্ঠানিকভাৱে উদ্বোধন কৰে আই এ এচ (অবসপ্রাপ্ত) বিশেষ সচিব, ভূমি আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ অশোক কুমাৰ বৰ্মনে । অশোক কুমাৰ বর্মনক মঙলদৈ কলেজৰ খেলপথাৰৰ পৰা সনাতন ধর্মসভালৈ আদৰি আনে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্রাৰে।

Also Read: লামডিং শাখা সাহিত্য সভাৰ উদ্যোগত ৰামধেনু অনুষ্ঠানৰ আয়োজন

prastuti porasor Raakh Mahotsav mangaldai