/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/cbfb9397-8dcf-420c-ac2b-85529cde5a59/386.jpg)
ডিজিটেল সংবাদ,ৰঙিয়া : ৰঙিয়াত বৃহস্পতিবাৰে নিশা আৰক্ষী থানাৰ কাষৰ পৰা ৰৈ থকা মহিন্দ্ৰা পিক আপ ভেন চোৰে চুৰি কৰা ঘটনাই চহৰখনত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে । চোৰে চুৰিকাৰ্য সংঘটিত কৰা মহিন্দ্ৰা গাড়ীখনৰ নম্বৰ এ এছ ০১ ডি ডি ১৫২৪ বুলি গাড়ীখনৰ গৰাকী তথা কৃষ্ণ ভাণ্ডাৰৰ স্বত্বাধিকাৰী কৃষ্ণ শৰ্মাই জানিবলৈ দিয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/a0c2670e-5431-4db2-b46e-c264630bc00b/1669ba99_3cd9_41ef_8570_16c1e3c576ab.jpg)
ঘটনা অনুসৰি অইন দিনাৰ দৰে মহিন্দ্ৰা পিক আপ ভেন গাড়ীখনেৰে কৃষ্ণ ভাণ্ডাৰৰ বাবে গুৱাহাটীৰ পৰা সামগ্ৰী আনি ৰখাই পুৱা দোকানত গাড়ীখনৰ পৰা সামগ্ৰী ভৰায়।ঠিক একেদৰে কালি নিশা কৃষ্ণ ভাণ্ডাৰৰ বাবে অনা সামগ্ৰী গাড়ীখনত ৰাখি শুকুৰবাৰে দোকানত ৰখাৰ কথা আছিল যদিও নিশাই গাড়ীখন ৰখাই থোৱা স্থান থানাৰ কাষৰ পৰা চোৰে চুৰি কৰে বুলি জানিবলৈ দিয়ে।
এই ঘটনাৰ পিছতে গাড়ীখন তথা কৃষ্ণ ভাণ্ডাৰৰ স্বত্বাধিকাৰী কৃষ্ণ শৰ্মাই ৰখোৱা স্থান ডাকঘৰৰ সমীপত গাড়ীখন দেখিবলৈ নাপাই হতভম্ব হৈ পৰি ততালিকে থানাত আৰক্ষীক খবৰ দি এজাহাৰ দিয়ে । আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ গাড়ীখনৰ নম্বৰৰ এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখে; যদিও কিমানদূৰ সফল হ'ব পাৰে আৰক্ষীয়ে সেয়াহে লক্ষ্যণীয় হ'ব ।
উল্লেখ্য যে গাড়ীখন বগা ৰঙৰ বুলি কৃষ্ণ ভাণ্ডাৰৰ স্বত্বাধিকাৰীগৰাকীয়ে উল্লেখ কৰে ।
Also Read: ৰামধেনু যুগৰ যশস্বী কথাশিল্পী ভদ্ৰেশ্বৰ ৰাজখোৱাক ওপজা দিনৰ ওলগ সুৰৰ পানচৈ শিল্পী সমাজৰ...