ৰামধেনু যুগৰ যশস্বী কথাশিল্পী ভদ্ৰেশ্বৰ ৰাজখোৱাক ওপজা দিনৰ ওলগ সুৰৰ পানচৈ শিল্পী সমাজৰ...

ৰামধেনু যুগৰ যশস্বী কথাশিল্পী ভদ্ৰেশ্বৰ ৰাজখোৱাক ওপজা দিনৰ ওলগ সুৰৰ পানচৈ শিল্পী সমাজৰ...

ডিজিটেল সংবাদ ,নগাঁও: অসম সাহিত্য সভাৰ জাতীয় ন্যাস সমিতিৰ প্ৰাক্তন আহ্বায়ক, অসম সাহিত্য সভাৰ অম্বিকাগিৰী ৰায়চৌধুৰী সোঁৱৰণী বঁটা আৰু দশম জ্যোতিৰূপা মিডিয়া বঁটাৰে সন্মানিত, অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন প্ৰাপক, অৰুণোদয় সাহিত্য চ’ৰাৰ প্ৰতিষ্ঠাপক সভাপতি, অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসম, নগাঁও জিলা শাখাৰ প্ৰতিষ্ঠাপক সভাপতি, ৰোটাৰী ক্লাব, নগাঁৱৰ প্ৰাক্তন সভাপতি তথা ৰামধেনু যুগৰ প্ৰখ্যাত কথাশিল্পী ভদ্ৰেশ্বৰ ৰাজখোৱাক ৮১ সংখ্যক ওপজা দিনটোত নগাঁৱৰ সুৰৰ পানচৈ শিল্পী সমাজে ৰাজহুৱাভাৱে ওলগ জ্ঞাপন কৰে ৷

নগাঁও জিলাৰ আবৰ্ত ভৱনৰ সভাকক্ষত বিয়লি ৩-৩০ বজাৰ পৰা মামণি শৰ্মা ভট্টাচাৰ্যৰ ভক্তিমূলক গীতেৰে আৰম্ভ হোৱা আৰু নগাঁও আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সদানন্দ পায়েঙে উদ্বোধন কৰা অনুষ্ঠানটোত নগাঁও কলেজৰ প্ৰাক্তন অধ্যক্ষ ড° শৰৎ বৰকটকীয়ে ৰাজখোৱাৰ সাহিত্যিক জীৱন সম্পৰ্কে আলোচনা আগবঢ়াই অসমীয়া সমাজত চলি থকা নিভাঁজ কথাবোৰ ৰাজখোৱাৰ গল্পত প্ৰতিফলিত হয় বুলি মন্তব্য কৰি লগতে তেওঁৰ গল্পসমূহত জীৱনৰ কথাবোৰ নান্দনিক ৰূপত প্ৰকাশ পায়।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰবীন্দ্ৰনাথ ঠাকুৰ আসনৰ প্ৰাক্তন অধ্যাপক ড° উমেশ ডেকা অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে যোগদান কৰি কয়— ৰামধেনু যুগৰ গল্পকাৰ ভদ্ৰেশ্বৰ ৰাজখোৱাৰ সাহিত্য-কৰ্মই জীৱন-জগত-সমাজ সম্পৰ্কে নতুনৰ বাৰ্তা কঢ়িয়াই আনিছে। পৰম্পৰাগত গ্ৰাম্য জীৱন সত্বাই ৰাজখোৱাৰ গল্পত নান্দনিক ৰূপত প্ৰকৃতিষ্ঠ হৈছে। আঞ্চলিকতাৰ মাজতেই বিশ্বজনীতাক স্পৰ্শ কৰাৰ স্বাভাৱিক অনুভূতি ৰাজখোৱাৰ গল্প সাহিত্যৰ কেন্দ্ৰ বিন্দু।

পৰম্পৰা আৰু আধুনিকতাৰ সংকটো তেওঁৰ গল্পৰ আন এক মুখ্য বিষয়।ভাতৃত্ব-শ্নেহ বন্ধনৰ আত্মিক প্ৰকাশেৰে তেওঁ সমাজ জীৱনৰ অটল তলীলৈ বিচৰণ কৰাৰ ক্ষমতা আহৰণ কৰিব পাৰিছে । তেওঁৰ কলম অবিৰত হৈ থাকি প্ৰেম আৰু শান্তিৰ বাণী সিঁচৰতি কৰি ৰাখক ৷’অসমীয়া গল্প সাহিত্যৰ বেদীলৈ আগবঢ়োৱা অৱদান সন্দৰ্ভত প্ৰাক্তন শিক্ষক, 'অস্তিত্বৰ সময়’ খ্যাত কবি লক্ষেশ্বৰ শৰ্মাই অতি সুন্দৰভাৱে আলোকপাত কৰে ৷

সুৰৰ পানচৈ শিল্পী সমাজৰ সম্পাদক প্ৰাঞ্জল বৰদলৈয়ে সামগ্ৰিকভাৱে আঁত ধৰা অনুষ্ঠানটিত ওপজা দিনৰ ওলগনি গ্ৰহণ কৰি অভিভূত হৈ পৰা বিশিষ্ট কথাশিল্পী গৰাকীয়ে কয়—সুৰৰ পানচৈ শিল্পী সমাজে এনে অনুষ্ঠানৰ জৰিয়তে জীয়াই থকাৰ নতুন প্ৰেৰণা দিয়াৰ লগতে নগাঁওবাসী ৰাইজৰ মৰম-ভালপোৱাই মোক অভিনৱ আনন্দ দান কৰিলে । গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডঃ কনক চন্দ্ৰ চহৰীয়া, বিশ্ববিদ্যালয়খনৰ জেষ্ঠ অধ্যাপক ডঃ বিমল মজুমদাৰ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশ্ববিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা ৰামধেনু যুগৰ এগৰাকী বৰ্ষীয়ান কথাশিল্পীৰ ওপজা দিনটোত তেওঁলৈ শ্ৰদ্ধা জ্ঞাপন কৰি অধ্যাপক দ্বয়ে অসমীয়া গল্প-সাহিত্যৰ নমস্য ব্যক্তিয়ে ৰামধেনুৰ দৰে যুগ এটাক প। প্ৰতিনিধিত্ব কৰি খ্যাতি ৰাখিলে৷

অনুষ্ঠানত নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্ত, প্ৰাক্তন সভাপতি পৰাণ কুমাৰ বৰুৱা, অধ্যাপক মোহিনী মোহন ডেকা, প্ৰবীণ অনাতাঁৰ শিল্পী গম্ভীৰ নাথ, বিশিষ্ট লেখক মকিবুৰ ৰহমান,প্ৰতীক ভট্টাচাৰ্য্য,নূপৰ মোমাইদেও খ্যাত ত্ৰৈলোক্য ভট্টাচাৰ্য্য,কবি আশোকৰাম ভট্টাচাৰ্য্য, অধ্যাপিকা ডঃ অমিয়া পাটৰ,লেখিকা অঞ্জলি মহন্ত,তমষা শইকীয়া,দীপা পণ্ডিত,দেৱযানী শৰ্মা পাঠক, শিশু সাহিত্যক কাৰুণ্য ভট্টাচাৰ্য্য,লিপি বিশেষজ্ঞ ভাস্কৰ বৰদলৈ ,কবি গুন কান্ত শৰ্মা, লেখক দেৱেন শইকীয়া, প্ৰাক্তন শিক্ষয়িত্ৰী ৰত্নমালা শইকীয়া, অধিবক্তা মুকুল বৰঠাকুৰ আদিকে ধৰি নগাঁৱৰ বৌদ্ধিক আৰু সাহিত্যক মহলৰ বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।

এই অনুষ্ঠানত গুনমুগ্ধ জন্ম দিনৰ ওলগ গ্ৰহণ কৰি সাহিত্যিক ৰাজখোৱা অভিভূত পৰাৰ লগতে ৰাইজৰ এই মৰম আৰু স্নেহে জীৱন ধন্য কৰা বুলি উল্লেখ কৰে। অনুষ্ঠানৰ আৰম্ভণিতে শিল্পী সমাজৰ কাৰ্যকৰী সভাপতি আতিকুৰ ৰহমানে অভ্যাগত সকলক আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানটোৰ অন্তিম ক্ষণত শিল্পী প্ৰণতি বৰা এটি ঘোষা পৰিবেশন কৰাৰ লগতে জাতীয় সংগীতেৰে ৰাজখোৱাৰ ওপজা দিনৰ পৰিসমাপ্তি পৰে।

ৰামধেনু যুগৰ যশস্বী কথাশিল্পী ভদ্ৰেশ্বৰ ৰাজখোৱাক ওপজা দিনৰ ওলগ সুৰৰ পানচৈ শিল্পী সমাজৰ...
অচিন কাঠৰ থোৰা লগাই বিপদত গ্ৰাহক : প্ৰলোভনেৰে আকৰ্ষিত কৰি অন্তৰ্ধান টেকন'জিম

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in