/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/f369a01e-15fe-4e7c-bcce-dc3bb7348335/q1.jpg)
ডিজিটেল সংবাদ ,গোলাঘাট : গোলাঘাটত শুকুৰবাৰৰ পৰা অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টীৰ মহিলা মৰ্চাৰ ৰাজ্যিক সমিতিৰ কাৰ্যনিৰ্বাহক সভাৰ শনিবাৰে সামৰণি পৰে। সভাত অংশগ্ৰহন কৰি বিত্তমন্ত্ৰী অজন্তা নেওগে কয় যে আগন্তুক বাজেটত মহিলা সৱলীকৰণৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব ৷ মন্ত্ৰীগৰাকীয়ে বৰ্তমান মহিলাসকল অৰ্থনৈতিকভাবে স্ব-নিৰ্ভৰশীল হ’বলৈ চৰকাৰে বিশেষ পৰিকল্পনা হাতত লোৱাৰ কথা সদৰি কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/ad5b24a4-b199-4fe3-9cd2-5d153bbfe4f1/f480ae44_74ee_47ad_97a8_156742513b6f.jpg)
এইবাৰৰ বাজেটখন এখন বাস্তবিক বাজেট প্ৰস্তুত কৰিবলৈ তেওঁ চেষ্টা কৰা বুলিও উল্লেখ কৰে। সভাত উপস্থিত থকা সাংসদ কুইন ওজাই ৰাজনীতিত পদবীতকৈ বেছি সাংগঠনিক কাম-কাজ মূল বিচাৰ্য্য বিষয় বুলি উল্লেখ কৰি কয় যে তেওঁ সাংগঠনিক কাম কাজত বেছি গুৰুত্ব দিয়া বুলি মন্তব্য় কৰে। টিকট সম্পৰ্কে সোধাৰ প্ৰসংগত তেওঁ টিকট দিয়া নিদিয়াটো দলৰ সিদ্ধান্ত বুলি উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/4ed1a7ce-2658-4c98-a555-8c20d5111a50/db9e29bb_be63_497f_be34_209070b8a30b.jpg)
যোৱা দুদিন ধৰি গোলাঘাটৰ বীৰাঙ্গণা সতী সাধনী কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা অসম বিজেপি মহিলা মৰ্চাৰ তৃতীয় খন গুৰুত্বপূৰ্ণ কাৰ্য্যনিবাহক সভা সমাপ্ত কৰি আঙুৰলতা ডেকাই সংবাদ মাধ্যমৰ আগত কয় যে মহিলাসকলে নিজকে এগৰাকী সফল শক্তিশালী মহিলা হিচাপে গঢ় দিব পাৰিলেহে সংগঠন শক্তিশালী হৈ উঠিব। সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ আৰু কয় যে বয়স থাকোতেই মনে ভৱা অভিনয় কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে বয়স গ'লে সেই কথা ভাৱি লাভ নাই। সাংস্কৃতিক জগতৰ পৰা ৰাজনীতিৰ জগতলৈ অহাটো আঙুৰলতাৰ বাব সৌভাগ্য বুলিও তেওঁ লগতে উল্লেখ কৰে।
পুনৰ সাংস্কৃতিক জগতত গৈ খলকনি তুলিব আঙুৰলতাই। সময় থাকোতেই হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ সৈতে একেলগে কাম কৰা অৰ্থাৎ জুবিনৰ লগত গীত গোৱাৰ ইচ্ছাৰ কথাও ব্যক্ত কৰে আঙুৰলতাই। সভাত ৰাষ্ট্ৰীয় মহিলা মৰ্চাৰ উপ-সভাপতি দৰ্শনা সিঙেও অংশগ্ৰহণ কৰে।
Also Read: অন্নপূৰ্ণাৰ গৌৰবোজ্জ্বল ৭০ বছৰ