/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/daedad52-3b8b-42f9-853f-a53a9e4481eb/q.jpg)
ডিজিটেল ডেস্কঃ ৭০ বছৰ পূৰ্বেই অসমত স্থাপন হৈছিল অন্নপূৰ্ণা নামৰ এক খাদ্য সামগ্ৰী প্ৰস্তুত কৰা প্ৰতিষ্ঠানৰ। থলুৱা কেঁচামালক আধাৰ হিচাপে লৈ খাদ্য সামগ্ৰীৰ প্ৰস্তুত কাৰ্য আৰম্ভ কৰা প্ৰতিষ্ঠানটোৱে ভৰি দিলে ৭০ সংখ্যক বৰ্ষত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/6ae528c8-6799-4b35-9ff1-7586798a0912/a6388bcd_ca7a_4846_a269_25aa213dc1cc.jpg)
অসমৰ মাটিত জন্মলাভ কৰি বৰ্তমানে দেশৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি হয় অন্নপূৰ্ণাৰ বেনাৰত নিৰ্মিত বিবিধ খাদ্য সামগ্ৰী। ঘি,বিভিন্ন ফল-মূলৰ পৰা তৈয়াৰ কৰা আচাৰ,জাম, জেলি আদিৰ লগতে শেহতীয়াভাৱে মুকলি কৰে এনাৰ্জি ড্ৰিংকছ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/837aec63-1b36-48fb-adfc-0c0f236926e8/591aebb5_d788_473d_b0d3_a099aa4c9faa.jpg)
শনিবাৰে গুৱাহাটী মহানগৰৰ আজাৰাস্থিত কিৰণশ্ৰী গ্ৰেণ্ডত অনুষ্ঠিত হয় অন্নপূৰ্ণাৰ ৭০ বছৰীয়া জয়ন্তী। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি উপস্থিত ৰাইজৰ সন্মুখত প্ৰতিষ্ঠানটোৰ শেহতীয়াভাৱে প্ৰস্তুত কৰা "ফাষ্ট" নামৰ এনাৰ্জি ড্ৰিংকছ মুকলি কৰে। আনহাতে উক্ত অনুষ্ঠানতে "ট্ৰেজাৰ্ছ অৱ অন্নপূৰ্ণা" শীৰ্ষক কফি টেবুল বুক উন্মোচন কৰে। যিয়ে আকৰ্ষণীয় ৰূপত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক বিস্তৃত ভ্ৰমণ নিৰ্দেশনা হিচাপে কাম কৰিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/50a09f9e-ade7-4321-8dab-4272300f6854/c0bfcbf2_4c00_44d0_9e1b_5e80bee371c9.jpg)
ইয়াৰ প্ৰাক মুহূৰ্তত অন্নপূৰ্ণাৰ সঞ্চালক সুবিৰ ঘোষে গণেশ দেৱতাৰ প্ৰতিমুৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে। উল্লেখ্য যে খাদ্য প্ৰস্তুতকাৰী প্ৰতিষ্ঠানটোৱে দৈনন্দিন জীৱনৰ লগত ব্যৱহৃত সামগ্ৰীৰ লগতে বিবাহ,বিভিন্ন উৎসৱ-পাৰ্বণ আদিত স্বাস্থ্যসন্মত খাদ্য সামগ্ৰী যোগান ধৰি আহিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/be2afefc-19ef-43c9-af8a-07520b6f7afd/cebe9df8_26cb_4fe3_9b57_c53bbb2849ac.jpg)
অসমৰ লগতে ইয়াৰ উৎপাদন প্ৰতিষ্ঠান উত্তৰ প্ৰদেশতো আছে বুলি সঞ্চালক ঘোষে জানিবলৈ দিয়ে। তেওঁ কয় যে পূৰ্বৰ খাদ্য সামগ্ৰীয়ে ৰাইজৰ মাজত যি ধৰণে সমাদৰ লাভ কৰি আজিৰ এই পৰ্যায়ত উপনীত কৰাইছে, একেদৰে শেহতীয়াভাৱে মুকলি কৰা এনাৰ্জি ড্ৰিংক "ফাষ্টে"ও আনবোৰৰ লগত সমানে ফেৰ মাৰিব আৰু ৰাইজে আদৰি ল'ব বুলি আশা প্ৰকাশ কৰে। লগতে সমূহ ৰাইজক এই শুভ ক্ষণত কৃতজ্ঞতা জ্ঞাপন কৰে। অভিনেত্ৰী তথা ঘোষিকা য়াঙ্কী পৰাশৰে আঁত ধৰা অনুষ্ঠানটিত ব্যৱসায়ী, সাংবাদিকৰ লগতে বিভিন্ন ক্ষেত্ৰৰ গণ্য মাণ্য ব্যক্তিসকল উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/77cf5478-c6cb-4518-9e3e-2c805484041a/d876308e_e885_4fef_8440_34d1f1d1e94d.jpg)
Also Read: কোনোমতে প্ৰাণ ৰক্ষা কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰীৰ...