আজি মহাষ্টমী : মহাগৌৰী ৰূপত পূজিত হ'ব দেৱী দুৰ্গা

আজি মহাষ্টমী : মহাগৌৰী ৰূপত পূজিত হ'ব দেৱী দুৰ্গা

ডিজিটেল ডেস্ক : ঔঁ সৰ্বমংগল মঙ্গল্যে শিৱে সৰ্বাৰ্থ সাধিকে ত্ৰ্যম্বকে গৌৰী নাৰায়ণী নমঃস্তুতে। শাৰদীয় দুৰ্গা পূজাৰ আজি মহাষ্টমী।

মহাষ্টমীৰ এই শুভক্ষণত ৰাজ্যজুৰি বেদ-মন্ত্ৰৰ ধ্বনিৰে পূজিত হ'ব দেৱী দুৰ্গা। মহাগৌৰী ৰূপত পূজিত হ'ব দেৱী দূৰ্গা। আকাশে-বতাহে এতিয়া কেৱল আদ্যাশক্তি দেৱী দুৰ্গাৰ জয়ধ্বনি-মংগলোচ্চাৰণ।

ঢাক-ঢোল,শংখ-ঘণ্টা আদি মাংগলিক বাদ্যৰ সৰগীয় ঐক্যতানৰ সুৰত মুখৰিত হ'ব আকাশ-বতাহ। আজি দিনৰ ৯ বাজি ১২ মিনিট ৪৭ ছেকেণ্ডৰ ভিতৰত মহাষ্টমাদি কল্পৰাম্ভ। আনহাতে নিশা ৮ বাজি ২৩ মিনিট ৩০ ছেকেণ্ডৰ ভিতৰত সমাপন হ'ব সন্ধি পূজা।

আজি মহাষ্টমী : মহাগৌৰী ৰূপত পূজিত হ'ব দেৱী দুৰ্গা
মথুৰাপুৰ দুৰ্গা পূজাৰ উখল-মাখল পৰিৱেশ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in