মথুৰাপুৰ দুৰ্গা পূজাৰ উখল-মাখল পৰিৱেশ

মথুৰাপুৰ দুৰ্গা পূজাৰ উখল-মাখল পৰিৱেশ

author-image
Asomiya Pratidin
New Update
মথুৰাপুৰ দুৰ্গা পূজাৰ উখল-মাখল পৰিৱেশ

ডিজিটেল সংবাদ,চৰাইদেউ : মথুৰাপুৰ দুৰ্গাপূজা বুলি ক’লেই এক সুকীয়া মাদকতা আছে। পূজাৰ কেইদিন বৃহত্তৰ মথুৰাপুৰ অঞ্চলৰ লগতে চাহ বাগিচাৰ পৰিৱেশ ৰঙীণ হৈ পৰে।

Advertisment

পূজাৰ কেইদিনত মুকলি ফিল্ডত নিশালৈ চিনেমা প্ৰদৰ্শন কৰা হয়। বাগান শ্ব’ নামেৰে পৰিচিত এই চিনেমা চাহ বাগিচা অধ্যুষিত অঞ্চলসমূহত অতিকৈ জনপ্ৰিয় তেনে নহয়; ভিতৰুৱা গাঁওসমূহতো অধিক জনপ্ৰিয়।

পূজাৰ সুকীয়া আমেজ লৈ নিশা চাহ বাগানৰ লগতে গাঁৱৰ শিশু পৰা বৃদ্ধলৈ চিনেমা চাবলৈ বহুতে আশাৰে বাট চাই থাকে। আজিও সেই একে পৰিৱেশ অব্যাহত আছে। উল্লেখ্য যে, অঞ্চলটোৰ একমাত্ৰ তথা অতি পুৰণি এই পূজাথলী পূৰ্বৰ দৰে উখল-মাখল পৰিৱেশে বিৰাজ কৰি আছে বুলি উদ্যোক্তাই জানিবলৈ দিয়ে ৷

Also Read: পূজাৰ আনন্দ উল্লাহৰ মাজতে তিতাবৰত অঘটন

charaideo mathurapur durga puja