মঙলদৈত মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ ৰক্তদান শিবিৰ

মহাশিৱৰাত্ৰি পূজাৰ দিনাখনেই ৰক্তদানৰ বাবে আগবাঢ়ি আহিল মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ দৰং জিলা সমিতি

author-image
Asomiya Pratidin
New Update
মঙলদৈত মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ ৰক্তদান শিবিৰ

ডিজিটেল সংবাদ,মঙলদৈঃ মহাশিৱৰাত্ৰি পূজাৰ দিনাখনেই ৰক্তদানৰ বাবে আগবাঢ়ি আহিল মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ দৰং জিলা সমিতি। মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ ৰাষ্ট্ৰীয় সভাপতি ড০ ইন্দ্ৰেশ কুমাৰ ভাইচাহাৱৰ জন্মদিন উপলক্ষে শনিবাৰে মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ৰক্ত কোষত অনুষ্ঠিত কৰে এই ৰক্তদান শিবিৰ।

Advertisment

ৰক্তদান শিবিৰটি উদ্ধোধন কৰে জিলা বিজেপিৰ সভাপতি অমৰেন্দ্ৰ শৰ্মাই। উদ্ধোধনী ভাষণত শৰ্মাই মহাশিৱৰাত্ৰি পূজাৰ দিনাখনেই ৰক্ দানৰ দৰে পবিত্ৰ কামত জড়িত হ'ব পাই নিজকে ভাগ্যবান বুলি মত প্ৰকাশ কৰে।

অনুস্থানত ২০-২৫ গৰাকী দাতাই ৰক্তদান কৰিব বুলি মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ দৰং জিলা সমিতিৰ সভাপতি সম্পাদক তথা বিষয় ববীয়াই আশা প্ৰকাশ কৰে।

আৰু পঢ়কঃ মুখ্যমন্ত্ৰীৰ ঘোষণা ওৰাঙত হ'ব উচ্ছেদঃ প্ৰতিক্ৰিয়া নেমছুৰ

BLOOD DONATION CAMP