"অসমৰ লোকে কুকুৰ ভক্ষণ কৰে, পথৰ কুকুৰবোৰ অসমলৈ পঠিয়াই দিয়ক"

"অসমৰ লোকে কুকুৰ ভক্ষণ কৰে, পথৰ কুকুৰবোৰ অসমলৈ পঠিয়াই দিয়ক"

ডিজিটেল ডেস্ক : অসমলৈ আহিছিল মহাৰাষ্ট্ৰৰ কেইগৰাকীমান বিধায়ক । এওঁলোকৰ মাজতেই আছিল প্ৰহাৰ জনশক্তি পাৰ্টীৰ বিধায়ক বাচু কাডু । অসমৰ ৰেডিচন ব্লু হোটেলত অসমীয়া আতিথ্য লাভ কৰি যোৱা এই গৰাকী বিধায়ক মহাৰাষ্ট্ৰ বিধানসভাত আগবঢ়ালে অসমৰ বাবে এক অপমানজনক মন্তব্য । অসমৰ লোকে হেনো কুকুৰ ভক্ষণ কৰে আৰু মহাৰাষ্ট্ৰৰ পথৰ কুকুৰৰ সমস্যা দূৰ কৰিবলৈ কুকুৰবোৰ অসমলৈ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰিব পাৰে বুলিও মন্তব্য আগবঢ়াই বিধায়কগৰাকীয়ে ।

উল্লেখ্য যে, মহাৰাষ্ট্ৰত তথা বিশেষকৈ মুম্বাইত মালিকবিহীন পথৰ কুকুৰ সমূহৰ উপদ্ৰৱ পুৰণি । সততেই তেনে কুকুৰৰ আক্ৰমণৰ বলি হয় নাগৰিকসকল । কেৱল এয়াই নহয় বৰং মুম্বাই পৌৰ নিগমেও বছৰি এক গৰিষ্ঠসংখ্যক সময় আৰু টকা ব্যয় কৰিব লগীয়া হয় এই পদপথৰ কুকুৰৰ বাবে । যাৰ বাবে মহাৰাষ্ট্ৰৰ বিধানসভাত উত্থাপিত হৈছিল এই বিষয়টো । আৰু তাৰ পাছতেই বাচু কাডুৰ এই বিতৰ্কিত মন্তব্য ।

স্মৰ্তব্য যে, ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমক অপমাণিত কৰা ঘটনা এইয়া প্ৰথম নহয় । ইয়াৰ পূৰ্বেও অসমৰ অতিথিপৰায়ণতা আৰু আঞ্চলিক দলসমূহৰ দুৰ্বল স্থিতিৰ বাবে অসমক বহু লোকে ৰাষ্ট্ৰীয় পৰ্যায়ত অপমানিত কৰিছে । যাৰ বাবে লজ্জানত হ'ব লগীয়া হৈছিল অসম । কিন্তু অসমত বহু দিন থাকি যোৱাৰ পিছতো অসম সম্পৰ্কে এনে তুলুঙা আৰু ভুল মন্তব্যই যে অসমক আৰু এবাৰ ভাৰতৰ সন্মুখত হেয় প্ৰতিপন্ন কৰিলে সেইয়া নিশ্চিত ।

"অসমৰ লোকে কুকুৰ ভক্ষণ কৰে, পথৰ কুকুৰবোৰ অসমলৈ পঠিয়াই দিয়ক"
মধুপুৰ সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ সম্পদ সংৰক্ষণৰ বাবে সংগ্ৰহালয় স্থাপনৰ প্ৰস্তুতি

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in