মধুপুৰ সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ সম্পদ সংৰক্ষণৰ বাবে সংগ্ৰহালয় স্থাপনৰ প্ৰস্তুতি

author-image
Asomiya Pratidin
New Update
মধুপুৰ সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ সম্পদ সংৰক্ষণৰ বাবে সংগ্ৰহালয় স্থাপনৰ প্ৰস্তুতি

ডিজিটেল সংবাদ, ধুবুৰী : মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ মহাপ্ৰয়াণৰ পবিত্ৰ তীৰ্থভূমি পশ্চিম বংগৰ কোচবিহাৰৰ মধুপুৰ সত্ৰত সংৰক্ষিত হৈ থকা সাঁচিপাতকে ধৰি গুৰুজনাই ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ সামগ্ৰী আৰু কীৰ্তিচিহ্নসমূহ বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰাৰ অৰ্থে অসম চৰকাৰে এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে। মধুপুৰ সত্ৰৰ ভাৰপ্ৰাপ্ত সত্ৰাধিকাৰ পীতাম্বৰ ভকতৰ সভাপতিত্বত ৪ মাৰ্চত সত্ৰ সমিতিৰ স্থানীয় তদাৰক সমিতিৰ অনুষ্ঠিত হোৱা এখন কাৰ্যনিৰ্বাহক সভাত এই সম্পৰ্কত ধুবুৰী জিলাৰ গড়কপ্তানী বিভাগৰ তৰফৰ পৰা সত্ৰ চৌহদত এটা সংগ্ৰহালয় স্থাপনৰ বাবে গড়কপ্তানী বিভাগে গ্ৰহণ কৰা আঁচনিৰ বিষয়ে অৱগত কৰা হয়।

Advertisment

সত্ৰ সমিতিৰ উপ-সভাপতি বণমালী পাঠক উপস্থিত থকা এই সভাত সংগ্ৰহালয়টো স্থাপনৰ বাবে প্ৰয়োজন হোৱা ভূমি আদি নিৰ্বাচন কৰাৰ ক্ষেত্ৰত প্ৰাথমিক জৰীপ চলোৱা হয়। ইয়াৰ উপৰিও স্থানীয় পঞ্চায়তে আজি কেইবাবছৰো ধৰি দখল কৰি থকা সত্ৰৰ পুখুৰীটো সত্ৰ সমিতিক হস্তান্তৰ কৰাৰ বাবে যথাবিহীত ব্যৱস্থা গ্ৰহণ কৰিব বুলি তদাৰকী সমিতিক পঞ্চায়তে আশ্বাস প্ৰদান কৰে।

মধুপুৰ সত্ৰ সমিতিৰ সভাপতি জীতেন্দ্ৰ নাথ প্ৰধানী, সাধাৰণ সম্পাদক কুমাৰ দীপক দাস আৰু প্ৰচাৰ সম্পাদক যুগান্ত বায়নে অসমৰ মুখ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মাই সত্ৰখনৰ সৰ্বাংগীন উন্নয়নৰ অংশ হিচাপে প্ৰায় ২ কোটি টকা ব্যয়ৰে সংগ্ৰহালয় নিৰ্মাণৰ বাবে লোৱা সিদ্ধান্তক আদৰণি জনাই অতি পৰিকল্পিত আৰু বিজ্ঞানসন্মতভাৱে এই সংগ্ৰহালয়টো যাতে গঢ়ি উঠে তাৰ বাবে দৃষ্টি ৰাখিবলৈ মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনাইছে।

Also Read: উত্তৰ-পূৱৰ নাগৰিকে পুনৰ এবাৰ প্ৰধানমন্ত্ৰী মোডীৰ ওপৰত আস্থা প্ৰদৰ্শন কৰিলে : হিমন্ত বিশ্ব শৰ্মা

srimanta sankardev