ৰাইদঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপনৰ প্ৰস্তুতি

নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ ৰাইডঙীয়া অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ে অহা ২০২৩ বৰ্ষত পয়সত্তৰ বছৰত উপনীত হ'ব।

author-image
Asomiya Pratidin
New Update
ৰাইদঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপনৰ প্ৰস্তুতি

ডিজিটেল সংবাদ, বটদ্ৰৱা: নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ ৰাইডঙীয়া অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ে অহা ২০২৩ বৰ্ষত পয়সত্তৰ বছৰত উপনীত হ'ব। এই গৌৰৱোজ্জ্বল পঞ্চসপ্ততিতম বৰ্ষ উপলক্ষে বিদ্যালয়খনৰ মহাৰজত জয়ন্তী উদযাপনৰ যো-যা চলিছে।

তদুপলক্ষে দেওবাৰে বিদ্যালয়ৰ সভাগৃহত বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতি, শিক্ষক-শিক্ষয়িত্ৰী, প্রাক্তন শিক্ষাৰ্থী সকলোৰে উপস্থিতত এখনি সাধাৰণ সভা অনুষ্ঠিত হয়। বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ উপসভাপতি নৱকমল ৰাজাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ভাৰপ্ৰাপ্ত অধ্যক্ষা ৰহিমা খাতুন আহমেদ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জেষ্ঠ অধিবক্তা কৃষ্ণ কান্ত মহন্ত, অৱসৰপ্ৰাপ্ত শিক্ষক দিলীপ কুমাৰ বৰা, বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি পৰাগধৰ শইকীয়া, সমাজকৰ্মী ধিৰচিং পাটৰ, উমা কান্ত হাজৰিকা, বুধেন বৰা, ৰাজিব বৰা, কমল কলিতা, কিৰন হাজৰিকা, কৃষ্ণ নাথ, তুলিকা গায়নকে আদি কেইবাগৰাকী ব্যক্তিয়ে ভাষন প্ৰদান কৰা সভাখনতে ২০২৩ বৰ্ষজোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া মহাৰজত জয়ন্তী সমাৰোহৰ বাবে এখন শক্তিশালী উদযাপন সমিতি গঠন কৰা হয়।

সভাপতি মুনীন্দ্ৰ শইকীয়া, কাৰ্য্যকৰী সভাপতি ৰোহিনী বৰা, সাধাৰণ সম্পাদক মুক্তি দাসকে প্ৰমুখ্য কৰি গঠন কৰা উদযাপন সমিতিয়ে আগন্তুক দিনত মহাৰজত জয়ন্তীৰ কাৰ্য্যসূচী নিৰ্ধাৰণ কৰিব।

আৰু পঢ়ক: মহানগৰীৰ বিভিন্ন স্থানত আৰক্ষীৰ অভিযান...

nagaon assam