বৰপাক প্ৰাথমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ প্ৰস্তুতি

মাজত মাঁথো তিনিটা দিন।ব্যস্ততাৰ অন্ত নাই।গাঁও খনৰ সকলো পুৰুষ মহিলা ওলাই আহিছে।ককালত টঙালি বান্ধি সাজু হৈছে।

author-image
Asomiya Pratidin
New Update
বৰপাক প্ৰাথমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ প্ৰস্তুতি

ডিজিটেল ডেস্ক,মায়ং: মাজত মাঁথো তিনিটা দিন।ব্যস্ততাৰ অন্ত নাই।গাঁও খনৰ সকলো পুৰুষ মহিলা ওলাই আহিছে।ককালত টঙালি বান্ধি সাজু হৈছে।নিজৰ আপোন বিদ্যালয় খনৰ মহাৰজত জয়ন্তী আৰু ৰূপালী জয়ন্তী উৎসৱ উদযাপন ৰ বাবে।

Advertisment

মৰিগাঁও জিলাৰ মায়ং শিক্ষা খণ্ডৰ অন্তৰ্গত বৰপাক প্ৰাথমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী আৰু বৰপাক মধ্য ইংৰাজী বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱটি ২৪ ডিচেম্বৰত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হব। ইতিমধ্য কেইবাখনো উপ সমিতি গঠন কৰা হৈছে।

মঙলবাৰে মহাৰজত জয়ন্তীৰ শীৰ্ষ গীতটি মুকলি কৰা হয়। কবি ৰাজীৱ চহৰীয়াই ৰচনা কৰা আৰু সাংস্কৃতিক কৰ্মী জোনমণি চক্ৰৱৰ্তী আৰু হেমন্ত ডেকাই সুৰেৰে সজোৱা শীৰ্ষ গীতটি এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বহা বৰজাৰী মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰহ্লাদ সৰকাৰে মুকলি কৰে । আনহাতে বিদ্যালয় দুখনৰ প্ৰধান শিক্ষক ক্ৰমে ধৰ্মেশ্বৰ শইকীয়া আৰু হেমেন্দ্ৰ বিশ্বাসে পতাকা উত্তোলন কৰি ২৪ ডিচেম্বৰৰ পুৱা মহাৰজত জয়ন্তীৰ কাৰ্যসূচী শুভাৰম্ভ কৰাৰ পাছত অৱসৰপ্ৰাপ্ত শিক্ষক মনমোহন মজুমদাৰে গছপুলি ৰোপণ কৰিব।

তদুপৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ সংস্কৃতিৰ প্ৰতিফলনৰে উলিয়াব লগীয়া বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব পবিতৰা বনাঞ্চলিক বিষয়া নয়নজ্যোতি দাসে। উল্লেখযোগ্য যে, ৰাজ্যৰ জলসম্পদ মন্ত্ৰী তথা মহাৰজত জয়ন্তী উদ্ যাপন সমিতিৰ সভাপতি পীযুষ হাজৰিকাৰ পৌৰোহিত্যত অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব ৰাজ্যৰ শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগু।

সভাত হৰিপ্ৰসাদ মল্লিক সম্পাদিত স্মৃতিগ্ৰন্থ " নিৰৱধি " উন্মোচন কৰিব জাগীৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ভবেন চন্দ্ৰ নেওগে। তদুপৰি অসম ভাষিক সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ শিলাদিত্য দেৱ, মুখ্যমন্ত্ৰীৰ প্ৰধান প্ৰেছ সচীব ধ্ৰুৱ মহন্ত, মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশীষ শৰ্মা,  অতিৰিক্ত উপায়ুক্ত অৰুন্ধতী নৰহ মিপুন, মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বুলি গগৈ ভূঞা, মায়ং শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া দয়াকৃষ্ণ গগৈ, অসম উন্নতি সভাৰ সম্পাদক অতনু শৰ্মা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।

সভাখনত বৰ্তমান চিকাগোত কম্পিউটাৰ অভিযন্তা ৰূপে কৰ্মৰত বৰপাক প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ জীতেন ৰয়ক ' বৰপাক গৌৰৱ বঁটা' আৰু মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক তথা সাহিত্যক ড° উৎপল নাথক 'মায়ং গৌৰৱ বঁটা' প্ৰদান কৰা হ'ব বুলি মহাৰজত জয়ন্তী উদ্ যাপন সমিতিৰ কাৰ্যকৰী সভাপইতি ৰতন মল্লিক,  যুটীয়া সম্পাদক নিপন মল্লিক আৰু ৰামকৃষ্ণ মজুমদাৰে জানিবলৈ দিয়ে।

আৰু পঢ়ক: বিশিষ্ট সমাজকৰ্মী, শিক্ষাবিদ, কবি অনিল কুমাৰ শৰ্মাৰ মৃত্যু

assam mayong