আজিৰ পৰা লামডিং ৰেলৱে উচ্চ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপন

১৯৪৮ চনতে স্থাপিত হোৱা লামডিঙৰ এখন ঐতিহ্যমণ্ডিত বিদ্যালয় লামডিং ৰেলৱে উচ্চত্বৰ মা ধ্যমিক বিদ্যালয়
আজিৰ পৰা লামডিং ৰেলৱে উচ্চ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপন

ডিজিটেল সংবাদ, লামডিং: ১৯৪৮ চনতে স্থাপিত হোৱা লামডিঙৰ এখন ঐতিহ্যমণ্ডিত বিদ্যালয় লামডিং ৰেলৱে উচ্চত্বৰ মা ধ্যমিক বিদ্যালয় ৷ চলিত বৰ্ষত ৭৫ বছৰ গৰকা বিদ্যালয়খনে এইবাৰ পালন কৰিছে মহাৰজত জয়ন্তী ৷

তিনিদিনিয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আজিৰে পৰা ১ ফেব্ৰুৱাৰীলৈকে মহাৰজত জয়ন্তী উদযপান কৰিছে বিদ্যালয়খনে ৷ প্ৰথমদিনাৰ কাৰ্যসূচী উপলক্ষে পুৱাই বিদ্যালয়খনৰ অধ্যক্ষই পতকা উত্তোলন কৰাৰ লগতে শ্বহীদতৰ্পনত শ্ৰদ্ধাঞ্জলী জনায় ৷ তাৰ লগতে সংগতি ৰাখি এক বিশাল বাৰেৰহণীয়া সাংস্কৃতিক শুভযাত্ৰাও উলিওৱা হয় ৷

এই শুভাযাত্ৰাত বিদ্যালয়খনৰ শিক্ষক শিক্ষয়ত্ৰী, ছাত্ৰ ছাত্ৰীৰ লগতে প্ৰাক্তন শিক্ষক তথা ছাত্ৰ-ছাত্ৰী সকলেও অংশ লয় ৷ উল্লেখ যে উত্তৰপূৰ্ব সীমান্ত ৰেলৱে বিভাগে এই অনুষ্ঠানৰ বাবে প্ৰায় ২৩ লক্ষাধিক টকা অনুদান আগবঢ়াই বিদ্যালয় কৰ্তৃপক্ষক ৷

আৰু পঢ়ক: দিল্লীক চেৰ পেলালে গুৱাহাটীয়ে...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in