মহাপুৰুষীয়া বৈষ্ণৱ সমাজ অসমৰ ৪০৭ সংখ্যক বাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি

দৰঙৰ সমলাত মহাপুৰুষীয়া বৈষ্ণৱ সমাজ অসমৰ দৰং জিলা সমিতিৰ ৪০৭ সংখ্যক বাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি তুংগত
মহাপুৰুষীয়া বৈষ্ণৱ সমাজ অসমৰ ৪০৭ সংখ্যক বাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি

ডিজিটেল সংবাদ,‌মঙলদৈঃ দৰং জিলাৰ কলাইগাঁও বিধানসভা সমষ্টিৰ ভুড়াৰগড় গাওঁ পঞ্চায়তৰ অন্তৰ্গত দেওমৰনৈ সমিপৰ সমলাত মহাপুৰুষীয়া বৈষ্ণৱ সমাজ অসমৰ দৰং জিলা সমিতিৰ ৪০৭ সংখ্যক বাৰ্ষিক অধিবেশন আৰু মুকলি ধৰ্মালোচনী সভাখনি ৪ আৰু ৫ ফেব্ৰুৱাৰীত দুদিনীয়াকৈ অনুষ্ঠিত হ'ব। অনুষ্ঠানটি সমলাৰ প্ৰয়াত ৰবিধৰ শইকীয়া সোঁৱৰণী ক্ষেত্ৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিছে।

কাৰ্যসূচী অনুসৰি ২০ মাঘ ৪ ফেব্ৰুৱাৰীত শনিবাৰে প্ৰথম দিনৰ কাৰ্যসূচী বন্তি প্ৰজ্বলন আৰু ভাগৱত স্থাপনেৰে মহাপুৰুষীয়া বৈষ্ণৱ সমাজ অসমৰ দৰং জিলা সমিতিৰ ৪০৭ সংখ্যক বাৰ্ষিক অধিবেশনৰ শুভাৰম্ভণি হ'ব । ৰাতিপুৱা ৬ বজাত বন্তি প্ৰজ্বলন আৰু ভাগৱত স্থাপন কাৰ্যসূচী ৰূপায়ন কৰিব সমলা শাখাৰ বুঢ়া ভকত চন্দ্ৰ কান্ত বৰুৱাই ।

প্ৰথম দিনৰ ৰাতিপুৱাৰ কাৰ্যসূচী বিশিষ্ট ব্যক্তিৰ জৰিয়তে ৰূপায়ন কৰিব সামূহিক চাফাই,ভাগৱত পাঠ, বৃক্ষৰোপণ,তোৰণ উন্মোচন,ক্ষেত্ৰ উন্মোচন,ৰভাস্থলী উন্মোচন, মঞ্চ উন্মোচন,নাম প্ৰসংগৰ লগতে দুপৰীয়া মহাপ্ৰসাদ গ্ৰহণৰ পিছতে বিয়লি ১ বজাত যুৱ মঞ্চ সমিতিৰ সভাপতি সঞ্জয় চলিহাৰ সভাপতিত্বত অনুষ্ঠিত হবলগীয়া যুৱ মঞ্চ আৰু আই মাতৃ সমিতিৰ মুকলি সভা উদ্বোধন কৰিব আই মাতৃ সমিতিৰ উপদেষ্টা পতুলী চহৰীয়াই।

সভাত নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকিব শ্ৰীমন্ত শঙ্কৰদেৱ মিলন শাখাৰ বিষয়ববীয়া পল্লৱী চহৰীয়া, মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ১ নং ছিপাঝাৰ শাখাৰ বিষয়ববীয়া নিকো চহৰীয়া, বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব ১ নং ছিপাঝাৰ শাখাৰ দ্বীপজ্যোতি ডেকা,বোনমাঝাৰ শাখাৰ পৰা পাৰ্থ প্ৰতীম চহৰীয়া,গড়গড়ী শাখাৰ পৰা প্ৰণতি ডেকা,গীতিকা শইকীয়া,দুনী শাখাৰ পৰা অনিল কুমাৰ কলিতা, আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব বাঘৰবাৰীৰ শ্ৰীমন্ত শাখাৰ হৰিপ্ৰিয়া ডেকা,দুনী আঞ্চলিক মহাপুৰুষীয়া বৈষ্ণৱ শাখাৰ জয়া ডেকাৰ লগতে কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকিব । আবেলি ৫ বজাত আদৰণি সমিতিৰ সভাপতি তপন চন্দ্ৰ শইকীয়াই উদ্বোধন কৰিব প্ৰতিনিধি শিবিৰ,৫.৩০ বজাত বন্তি প্ৰজ্বলন ৰ লগতে সন্ধিয়া ৬ বজাত প্ৰতিনিধি সভা অনুষ্ঠিতৰে প্ৰথম দিনৰ কাৰ্যসূচী সামৰণী পৰিব বুলি আয়োজক সমিতিয়ে জনায় ।

২১ মাঘ ৫ ফেব্ৰুৱাৰী দেওবাৰে দ্বিতীয় দিনৰ কাৰ্যসূচীৰ লগতে শেষ দিনৰ বিভিন্ন কাৰ্যসূচী অনুসৰি ৰাতিপুৱা ৫ বজাত প্ৰাত: প্ৰসংগ, ভাগৱত পাঠ, ৰাতিপুৱা ৮ বজাত ধৰ্ম ধ্বজা উত্তোলন কাৰ্যসূচী ৰূপায়ন কৰিব মহাপুৰুষীয়া বৈষ্ণৱ সমাজ দৰং জিলা সমিতিৰ সভাপতি মনোৰাম চহৰীয়াই , ৰাতিপুৱা ৯ বজাত ভাগৱত শোভাযাত্ৰা উদ্বোধন কৰিব মহাপুৰুষীয়া বৈষ্ণৱ সমাজ অসমৰ মহন্ত কণ্ঠিৰাম ডেকাই। দিনৰ ১ বজাত মহাপুৰুষীয়া বৈষ্ণৱ সমাজ দৰং জিলা সমিতিৰ সভাপতি মনোৰাম চহৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত হ'বলগীয়া মুকলি ধৰ্মালোচনী সভাখনি উদ্বোধন কৰিব মহাপুৰুষীয়া বৈষ্ণৱ সমাজ অসমৰ মহন্ত ৰাম বৰুৱাই।

সভাত নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকিব শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ প্ৰচাৰ শাখাৰ উপদেষ্টা জগত বণিয়া, মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি তথা বিধায়ক ভৱেশ কলিতা, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব চৰণধৰা শংকৰ মাধৱ শাখাৰ বৈষ্ণৱ বিচিত্ৰ ডেকা,দুনী আঞ্চলিক মহাপুৰুষীয়া বৈষ্ণৱ শাখাৰ বৈষ্ণৱ জয়ন্ত শইকীয়া,২ নং হাজৰিকাপাৰা শাখাৰ প্ৰতিভা চহৰীয়া।

আনহাতে নিমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰিব মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ কুমাৰ শইকীয়া, ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশী, কলাই গাঁও বিধানসভা সমষ্টিৰ বিধায়ক দুৰ্গা দাস বড়ো, দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন্দ্ৰ ডেকা,বিটিআৰ ৰ কাৰ্যবাহী সদস্য দিগন্ত বৰুৱা, দৰং জিলা পৰিষদৰ উপ-সভানেত্ৰী কুসুম ডেকা, ভুড়াৰগড় গাওঁ পঞ্চায়তৰ সভানেত্ৰী প্ৰীতিশ্ৰী নাথ , আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব মহাপুৰুষীয়া বৈষ্ণৱ সমাজ অসমৰ মহন্ত নাৰায়ণ শইকীয়া,কন্ঠিৰাম ডেকা, মহাপুৰুষীয়া বৈষ্ণৱ সমাজ অসমৰ ৰাজ্যিক সভাপতি মহেন্দ্ৰ বৰা, নামধৰ্ম সমাজৰ প্ৰচাৰক পুৰন্দৰ হাজৰিকা, মহাপুৰুষীয়া বৈষ্ণৱ সমাজ অসমৰ ৰাজ্যিক সমিতিৰ সম্পাদক নৰপতি ডেকা, বিশিষ্ট সমাজকৰ্মী সত্য প্ৰসাদ ডেকাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব।

সন্ধিয়া বন্তি প্ৰজ্বলন ৰ পিছতে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য নিৰঞ্জন শইকীয়াই পৰিচালনা কৰিবলগীয়া বাৰেৰহনীয়া সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্বোধন কৰিব বিশিষ্ট কণ্ঠশিল্পী হীৰক চানে। সাংস্কৃতিক অনুষ্ঠানত ভক্তি মুলক গীত নৃত্যৰ লগতে আমন্ত্ৰিত বিশিষ্ট শিল্পীৰ গীতৰ অনুষ্ঠান অনুষ্ঠিত হ'ব ।

দৰং জিলাৰ সমলাত দুদিনীয়াকৈ অনুষ্ঠিত হবলগীয়া মহাপুৰুষীয়া বৈষ্ণৱ সমাজ অসমৰ দৰং জিলা সমিতিৰ ৪০৭ সংখ্যক বাৰ্ষিক অধিবেশন আৰু মুকলি ধৰ্মালোচনী সভালৈ সকলো ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে আদৰণি সমিতিৰ সভাপতি তপন চন্দ্ৰ শইকীয়া, উপ-সভাপতিদ্বয় তৰুণ চন্দ্ৰ শইকীয়া, কৰুনা বৰুৱা, সম্পাদক ৰমেশ বৰুৱা, সহকাৰী সম্পাদকদ্বয় লক্ষ্মণ বৰুৱা, শৈলেন বৰুৱাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in