/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/ac875402-527d-4d53-805c-1c5f7e022697/ind_vs_nz_odi.jpg)
সমতা স্থাপনৰ লক্ষ্য আজি ভাৰতৰ সন্মুখত নিউজিলেণ্ড
ডিজিটেল ডেস্কঃ আগন্তুক এদিনীয়া বিশ্বকাপৰ প্ৰতি লক্ষ্য ৰাখিয়েই ভাৰতত অনুষ্ঠিত হৈছে এদিনীয়া শৃংখলাসমূহ। শ্ৰীলংকাৰ পাছতেই এদিনীয়া আৰু টি-২০ শৃংখলা খেলাৰ উদ্দেশ্যে ভাৰত ভ্ৰমণলৈ আহিছে নিউজিলেণ্ড ক্ৰিকেট দল।
ঘৰৰ মাটিত ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ আৰু এদিনীয়া শৃংখলা দখল কৰা পিছত প্ৰবল আত্মবিশ্বাসী ভাৰতীয় দলৰ প্ৰতিগৰাকী সদস্য। তাৰ সুবাদতে নিউজিলেণ্ডৰে হোৱা শৃংখলাৰ প্ৰথমখন এদিনীয়া মেচত ভাৰতে ১২ ৰানৰ ব্যৱধানত নিউজিলেণ্ডক পৰাস্ত কৰে। অৱশ্যে মেচৰ শেষ মূহুৰ্তলৈকে নিউজিলেণ্ডে যুঁজাৰু মানসিকতাৰে দলৰ স্ক'ৰ সন্তোষজনক স্থিতিলৈ লৈ যায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/b57b95ce-b8fd-43a7-9ef7-1fcb3942344c/India_vs_New_Zealand_IND_vs_NZ.webp)
সেই দিশৰ পৰা আজিৰ মেচখন যে ৰোমাঞ্চকৰ হ'ব সেয়া একপ্ৰকাৰ নিশ্চিত। শৃংখলা জয়ৰ বাবে ভাৰত ইতিমধ্যে ১-০ ৰ ব্যৱধানত এখোজ আগবাঢ়ি আছে। আজিৰ মেচত যদিহে ঘৰুৱা দল ভাৰত জয়ী হয় তেন্তে শৃংখলা ভাৰতৰ দখলত। আনহাতে নিউজিলেণ্ড জয়ী হ'লে ১-১ৰ সমতা স্থাপন কৰিব আলহী দলটোৱে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/afd4f35a-6fd9-4bf0-a0ac-63741fbde879/collage_maker_22_aug_2022_06_54_pm.webp)
সম্প্ৰতি ভাৰতৰ শুভমন গীল,বিৰাট কোহলিকে ধৰি কুলদীপ যাদৱ সুন্দৰ ফৰ্মত। প্ৰথম এদিনীয়াত চমক সৃষ্টি কৰা আলহী দলৰ খেলুৱৈ মাইকেল ব্ৰেচৱেলোও ভাৰতীয় বলাৰক নিজৰ প্ৰতিভাৰ উমান দি থৈছে। সেয়ে আজিৰ মেচখন যে গুৰুত্বপূৰ্ণ হ'ব সেয়া নিশ্চিত। খেলৰ সময় দিনৰ ১-৩০ বজাত।
আৰু পঢ়কঃ অসম-নাগালেণ্ড সীমান্তত বান্দৰ চলিয়াত ৰাষ্ট্ৰীয় নাট মহোৎসৱ