চাৰিদিনীয়াকৈ মথুৰাপুৰৰ কৈলাশ ধামত মহা শিৱৰাত্ৰি

চৰাইদেউ জিলাৰ মথুৰাপুৰ চাহ বাগিচাৰ এক সুউচ্চ, মনোৰম পৰিৱেশত থকা ২২ নং কৈলাশ শিৱধাম মন্দিৰত শুকুৰবাৰৰ পৰা চাৰি দিনীয়াকৈ আৰম্ভ হৈছে মহা শিৱৰাত্ৰি ৷

author-image
Asomiya Pratidin
New Update
চাৰিদিনীয়াকৈ মথুৰাপুৰৰ কৈলাশ ধামত  মহা শিৱৰাত্ৰি

ডিজিটেল সংবাদ, মথুৰাপুৰঃ চৰাইদেউ জিলাৰ মথুৰাপুৰ চাহ বাগিচাৰ এক সুউচ্চ, মনোৰম পৰিৱেশত থকা ২২ নং কৈলাশ শিৱধাম মন্দিৰত শুকুৰবাৰৰ পৰা চাৰি দিনীয়াকৈ আৰম্ভ হৈছে মহা শিৱৰাত্ৰি ৷ কৈলাস শিৱধাম মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত আৰু নিমনাগড়, মথুৰাপুৰ, বাউলীপুখুৰীৰ সমূহ ৰাইজৰ সহযোগত অনুষ্ঠিত মহা শিৱৰাত্ৰি উপলক্ষে পুৱাৰে পৰা দেবাদিদেৱ মহাদেবৰ আৰাধনা আৰু বন্দনাবে মুখৰিত হৈ পৰে মন্দিৰৰ চৌপাশ ৷

Advertisment

ভক্তসকলে নিজৰ মনোকামনা সিদ্ধিৰ অৰ্থে বেলপাত, ধুপ-দ্বিপ-নৈৱেদ্য আগবঢ়াই মহাদেৱ শিৱক পূঁজা-অৰ্চনা কৰা পৰিলক্ষিত হৈছে । শিৱৰাত্ৰিৰ এই পৱিত্ৰ দিনটোত মন্দিৰলৈ আহি শিৱক আৰাধনা সন্তষ্টি কৰিলে সুফল প্ৰাপ্তি হয় বুলি জনবিশ্বাস আছে ৷

উল্লেখ যে, এই বিশেষ মন্দিৰটো মথুৰাপুৰ চাহ বাগিচাৰ এটা বৃহৎ টিলাৰ ওপৰত অৱস্থিত আৰু মন্দিৰৰ চৌদিশে কিছু পৌৰাণিক দেৱাল আকৃতি ভগ্নাৱশেষ আছে মন্দিৰটোৰ চৌদিশে ক’লা বৰণৰ বৃহৎ আকাৰৰ পৌৰাণিক শিলাকৃতি দেৱালে আগুৰি থকা বাবে কালক্ৰমত এই মন্দিৰ কৈলাস শিৱধাম মন্দিৰ নামেৰে জনা যায়। মন কৰিবলগীয়া যে, প্ৰতিবছৰে স্থানীয় ৰাইজৰ উদ্যোগত অনুষ্ঠিত কৰা এই মহাশিৱৰাত্ৰিত বিভিন্ন প্ৰান্তৰ পৰা অগণন ভক্তৰ সমাগম ঘটা দেখা যায় ৷

Also Read: আজি মহা শিৱৰাত্ৰি...

maha shiv ratri mathurapur