আজি মহা শিৱৰাত্ৰি...

আজি মহা শিৱৰাত্ৰি...

ডিজিটেল ডেস্কঃ আজি মহা শিৱৰাত্ৰি। প্ৰতি বছৰে ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী দিনা মহা শিৱৰাত্ৰি উদযাপন কৰা হয়। ৰাতিপুৱাৰে পৰা মহা প্ৰভু শিৱক আৰাধানাৰ বাবে মন্দিৰত ভিৰ লাগিছে অগণন ভক্তৰ। মহাশিৱৰাত্ৰি আৰম্ভ হব ৮ মাৰ্চৰ নিশা ৯.৫৭ বজাৰ পৰা আৰু ৯ মাৰ্চৰ সন্ধিয়া ৬.১৭ বজাত শেষ হ’ব।

দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে আজি সমগ্ৰ দেশতে উদযাপন হ'ব শিৱৰাত্ৰি। মহা শিৱৰাত্ৰি উপলক্ষে শিৱসাগৰৰ শিৱদৌলকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মন্দিৰসমূহত আড়ম্বৰপূৰ্ণভাৱে শিৱ পূজাৰ আয়োজন কৰা হৈছে।

উল্লেখ্য যে, হিন্দু দিনপঞ্জী অনুসৰি প্ৰতিমাহৰে ত্ৰয়োদশ ৰাতি/চতুৰ্দশ দিনত এবাৰকৈ শিৱৰাত্ৰিৰ তিথি পৰে, কিন্তু বছৰত এবাৰকৈ ফাগুণত ধুমধামেৰে মহা শিৱৰাত্ৰি আয়োজন কৰা হয়। হিন্দুসকলৰ এই গুৰুত্বপূৰ্ণ উৎসৱত জীৱন আৰু বিশ্বৰ "অন্ধকাৰ আৰু অৱহেলা আঁতৰ কৰা"ৰ পণ স্মৰণ কৰা হয়। ইয়াত ভক্তসকলে শিৱৰ আঁৰতি পাঠ, উপবাস, যোগ আদি নিয়ম পালে। কোনো কোনোৱে শিৱ মন্দিৰ বা জ্যোতিৰ্লিংগ দৰ্শন কৰে। অৱশ্যে প্ৰাচীন হিন্দু উৎসৱৰ আৰম্ভণিৰ তাৰিখ নিশ্চিতভাৱে কোনো ক'ব নোৱাৰে।

শিৱৰ অৰ্থ মংগল। কিন্তু কেতিয়াবা সংহাৰ সৃষ্টিকাৰী ৰূপত ৰুদ্ৰমূৰ্তি ধৰি এই শিৱই ধ্বংসৰ প্ৰতীক ৰূপেও নিজকে প্ৰতিষ্ঠা কৰিছে। কেতিয়াৰ পৰা মানুহে শিৱক পূজা কৰিবলৈ ল'লে সেয়া নিশ্চিতভাৱে কোনো ক'ব নোৱাৰে। উল্লেখ্য যে, মহেঞ্জোদাৰো খনন কাৰ্যৰ সময়ত এক প্ৰাচীন ভাস্কৰ্য আৱিষ্কাৰ হৈছিল। যি ভাস্কৰ্যৰ খোদিত চিত্ৰই শিৱক প্ৰতিনিধিত্ব কৰে।

শিৱৰ এটা বৈশিষ্ট্য হ'ল- তেওঁৰ ত্ৰিনয়ন। কঠিত আছে, এই তৃতীয় নয়নেৰে তেওঁ কামদেৱক পুৰি ভস্ম কৰিছিল। সেইদৰে শিৱৰ জঁটাধাৰী শিৰত বিৰাজ কৰে চন্দ্ৰই। যাৰ কাৰণে শিৱৰ অন্য এটা নাম চন্দ্ৰশেখৰ। সৰ্বাংগত ভস্ম অৰ্থাৎ বিভূতিৰ প্ৰলেপ থকাৰ বাবেই তেওঁৰ আন এক নাম হ'ল বিভূতিভূষণ।

উল্লেখ্য যে, কিছু সংখ্যক যোগীৰ মতে, শিৱৰাত্ৰিৰ দিনাই শিৱই হলাহল পান কৰি ৰক্ষা কৰিছিল পৃথিৱী। স্কন্দ পুৰাণ, লিংগ পুৰাণ আৰু পদ্ম পূৰাণত মহা শিৱৰাত্ৰিৰ উল্লেখ আছে। এইবোৰ মধ্যযুগীয় পাঠত শিৱৰাত্ৰিৰ লগত জড়িত বেলেগ বেলেগ কিংবদন্তি আছে, কিন্তু সকলোতে উপবাস আৰু শিৱৰ প্ৰতীক যেনে লিংগৰ প্ৰতি সন্মান প্ৰদৰ্শন উল্লেখ আছে।

আজি মহা শিৱৰাত্ৰি...
কাজিৰভা ভ্ৰমণ কৰা দেশৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোডী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in