কাজিৰঙা ভ্ৰমণ কৰা দেশৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোডী

কাজিৰঙা ভ্ৰমণ কৰা দেশৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোডী

ডিজিটেল সংবাদ, কাজিৰঙাঃ মাজত আৰু কেইটামান ক্ষণ,কাজিৰঙাত উপস্থিত হ'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি যোৱাৰ পাছত নৰেন্দ্ৰ মোডী হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰা দেশৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কাইলৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলত জীপ ছাফাৰী- হাতী ছাফাৰীৰে উপভোগ কৰিব কাজিৰঙাৰ মনোৰম সৌন্দৰ্য্য ৷ বিগ ফাইভ অৰ্থাৎ গঁড়,হাতী,ঢেকিয়াপতীয়া বাঘ,ম’হ আৰু দুস্প্ৰাপ্য দল হৰিনকে ধৰি জৈৱ বৈচিত্ৰ্যৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাৰ উদ্দেশ্যৰে উপস্থিত হ'ব কাজিৰঙাত ৷

তথ্য অনুসৰি ১৯৫৭ চনত স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে কাজিৰঙা দৰ্শন কৰিছিল ৷ সুদীৰ্ঘ বৰ্ষৰ অন্তত কাজিৰঙাৰ ভূমিত উপস্থিত হ'বলগীয়া প্ৰধানমন্ত্ৰী গৰাকীক আদৰিবলৈ অধীৰ আগ্ৰহেৰে সাজু হৈ পৰিছে কাজিৰঙাবাসীৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়া কৰ্মচাৰীসকল ৷উল্লেখ্য যে গঁড়ৰ সৰ্ববৃহৎ আৱাসভূমি,৬০০ তকৈও অধিক প্ৰজাতিৰ চৰাই,শিহুৰ এক সমৃদ্ধ পৰিয়াল,বাঘৰ অন্যতম সৰ্বাধিক ঘনত্বপূৰ্ণ এলেকা হিচাপে বিবেচিত কাজিৰঙাই অন্য এক মাত্ৰা লাভ কৰিব প্ৰধানমন্ত্ৰীৰ দৰ্শনে৷

কাজিৰঙা ভ্ৰমণ কৰা দেশৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোডী
আন্তৰ্জাতিক নাৰী দিৱসত মহিলালৈ উপহাৰ! হ্ৰাস ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্য

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in