ৰঙিয়াৰ খানাপাৰা বৰমূৰা নামঘৰত মাঘী সভা উৎসৱ পালন

ৰঙিয়া সমষ্টিৰ অন্তৰ্গত খানাপাৰা বৰমূৰা ৰাজহুৱা নামঘৰত বৃহস্পতিবাৰে ভকত বৈষ্ণৱৰ উপস্থিতিৰে মাঘী সভা অনুষ্ঠিত হয় । এই মাঘী সভা উৎসৱত উপস্থিত থাকে স্থানীয় বিধায়ক ভৱেশ কলিতা।

author-image
Asomiya Pratidin
New Update
ৰঙিয়াৰ খানাপাৰা বৰমূৰা নামঘৰত মাঘী সভা উৎসৱ পালন

ডিজিটেল সংবাদ, ৰঙিয়াঃ ৰঙিয়া সমষ্টিৰ অন্তৰ্গত খানাপাৰা বৰমূৰা ৰাজহুৱা নামঘৰত বৃহস্পতিবাৰে ভকত বৈষ্ণৱৰ উপস্থিতিৰে মাঘী সভা অনুষ্ঠিত হয় । এই মাঘী সভা উৎসৱত উপস্থিত থাকে স্থানীয় বিধায়ক ভৱেশ কলিতাই । বিধায়ক গৰাকীয়ে ভকত ৰাইজৰ মাজত উপস্থিত থাকি ভক্তিভাৱেৰে সেৱা আগবঢ়োৱাৰ লগতে মত বিনিময় কৰি আধ্যাত্মিক চিন্তাৰ মাজেৰে মাঘী সভাৰ প্ৰাসংগিকতা কথা উল্লেখ কৰে । মাঘ মাহৰ পূৰ্ণিমা তিথি উপলক্ষে অনুষ্ঠিত হোৱা এই মাঘী সভাত পূৱাৰে পৰা অগণন ভক্তৰ সমাবেশ ঘটে । লগতে সকলো ভক্তই মনোকামনা বিচাৰি প্ৰভূ চৰণত ভক্তিভাৱেৰে প্ৰাৰ্থনা জনায় ।

Advertisment

ইফালে এই মাঘী সভা অনুষ্ঠিত হোৱা খানাপাৰা বৰমূৰা চুবুৰীটোৰ নামঘৰৰ সভাগৃহটিও মুকলি কৰা হয়। বিধায়ক পূজিঁৰ ধনেৰে নিৰ্মাণ কৰা এই সভাগৃহটি বিধায়ক ভৱেশ কলিতাই মুকলি কৰে । ২ লাখ ৫০ হাজাৰ টকাৰে নিৰ্মিত হোৱা এই নামঘৰৰ সভাগৃহটি মুকলি হোৱাত ভক্ত প্ৰাণ ৰাইজৰ এক দীৰ্ঘদিনীয়া আশা পূৰণ হয় বুলি স্থানীয় চুবুৰীৰ ৰাইজে জনায় । আজিৰ এই মাঘী সভাত বহুতো ৰাইজৰ লগতে বিজেপিৰ একাংশ কৰ্মী, ভকত বৈষ্ণৱসকলে ধৰি গণ্য মান্য ব্যক্তি উপস্থিত থাকে ।

Also Read: সোণাৰি চাপৰি ট্ৰাইবেল হাইস্কুলত শিক্ষাৰ্থীৰ বাণিজ্য মেলা

maghi utsab rangia bhabesh kalita