ৰঙিয়াৰ হচং মধুকুছি কোচ কমিটিৰ ৮৭ তম মাঘী সভা

মনোকামনা বিচাৰি প্ৰভূ গোপাল থানত ভক্তৰ শাৰী শাৰী আৰিয়া প্ৰজ্বলন

author-image
Asomiya Pratidin
New Update
ৰঙিয়াৰ হচং মধুকুছি কোচ কমিটিৰ ৮৭ তম মাঘী সভা

ডিজিটেল সংবাদ, ৰঙিয়াঃ ৰঙিয়াৰ হচং মধুকুছি গোপাল মন্দিৰ প্ৰাংগনত শুকুৰবাৰৰ পৰা ৮৭তম মাঘী সভা অনুষ্ঠিত হয়। মাঘী সভা উপলক্ষে শুকুৰবাৰে সন্ধিয়া ৫ বজাত হেজাৰ হেজাৰ ভক্তৰ সমাৱেশেৰে গোপাল থান মুখৰিত হৈ পৰা পৰিলক্ষিত হয় । নিজৰ নিজৰ মনোকামনা বিচাৰি প্ৰতিগৰাকী ভক্তই আহি শাৰী শাৰী আৰিয়া প্ৰজ্বলন কৰে ।

Advertisment

আৰিয়া প্ৰজ্বলন, মুখ্য আৰিয়া প্ৰজ্বলক হিচাপে উপস্থিত থাকে কলাজল হাইস্কুলৰ সহকাৰী শিক্ষক হিতেশ দাসকে ধৰি কেইবাগৰাকীও ব্যক্তি । সন্ধিয়া ৭ বজাত শৰাই বিতৰণৰ পিছতেই মহিলা পাঠিকাদ্বয় ৰুণুমী নাথ আৰু গীতামণি নাথে নাগাৰা নাম পৰিৱেশন কৰে। নাগাৰা নাম উদ্বোধন কৰে গুৱাহাটীৰ গোপাল বড়ো হাইস্কুলৰ সহঃ শিক্ষয়িত্ৰী দিপালী দাস চৌধুৰীয়ে।

৮৭ তম মাঘী সভাৰ কাৰ্যসূচী অনুসৰি পুৱা ৮ বজাত পৰিৱেশ নিকাকৰণ, ৮:৩০ বজাত চিলাৰায় এম ই স্কুলৰ প্ৰধান শিক্ষক কৃৰ্ত্তীৰাম ৰাজবংশীৰ দ্বাৰা মাঘী সভাৰ মুখ্য দ্বাৰ উন্মোচন কৰে, মাঘী সভাৰ পতাকা উত্তোলন , উত্তোলন কৰে কোচ কমিটিৰ সভাপতি তপন চন্দ্ৰ দাসে আৰু ৮৭তম্ মাঘী সভা উপলক্ষে জ্যেষ্ঠ ব্যক্তিৰ জৰিয়তে ৮৬ খন পতাকা উত্তোলন, তাৰ পিছত স্মৃতি তৰ্পণ, বৃক্ষৰোপণ, পুৱা ১০ বজাত ভাগৱত শোভাযাত্ৰা জ্যেষ্ঠ সাংবাদিক নয়নজ্যোতি তালুকদাৰে উদ্বোধন কৰে ।

শোভাযাত্ৰা উদ্বোধন কৰি জ্যেষ্ঠ সাংবাদিক গৰাকীয়ে মাঘী সভাৰ উপলক্ষে উলিওৱা শোভাযাত্ৰাত যি আধ্যাত্মিক পৰিৱেশ সৃষ্টি হৈছে,সেয়া সকলোতকৈ এক গুৰুত্বপূৰ্ণ দিশৰ কথা বুলি কোৱাৰ লগতে ভক্তিৰ যি চেতনা তাত অপশক্তি মনোভাৱ নাইকীয়া কৰে বুলি লগতে উল্লেখ কৰে ।

ইফালে শনিবাৰে অৰ্থাৎ ২৪ ফেব্ৰুৱাৰী দিনা বিশ্ব মহাবীৰ চিলাৰায়ৰ ৫১৪ সংখ্যক জয় জয়ন্তী উপলক্ষে পুৱা ৬:৩০ বজাত পৰিৱেশ নিকাকৰণ, ঊষা কীৰ্তন আৰু পতাকা উত্তোলন, উত্তোলন কৰিব ৰমণী ৰাজবংশীয়ে, পুৱা ৯ বজাত বিশ্ব মহাবীৰ চিলাৰায়ৰ মূৰ্ত্তিত মাল্যাপৰ্ণ, তাৰ পিছত স্মৃতি তৰ্পণ,১০ বজাত বিষ্ণু হোম, ভাগৱত পাঠ, পুষ্পাঞ্জলী, প্ৰসাদ আৰু মহাভোগ গ্ৰহণ, আবেলি ৩ বজাত মুকলি সভা অনুষ্ঠিত হ'ব ।

সভাত নিৰ্দিষ্ট বক্তাৰূপে সদৌ অসম কোচ ৰাজবংশী পৰিষদৰ অধ্যক্ষ প্ৰণৱ নাৰায়ণ দেৱ,মংগলদৈ লোকসভাৰ প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশী আৰু নলবাৰী উপ পৌৰপতি ড° ৰবীন দাসৰ উপৰি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব । সন্ধিয়া ৭ বজাত বন্তি প্ৰজ্বলন, প্ৰজ্বলক হিচাপে নাগাৰা নামৰ পাঠিকা বসুমতী তালুকদাৰ, সমাজসেৱক তৰুণ দাসৰ উপৰি কেইবাগৰাকী বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰিব । আনহাতে নিশা নলবাৰীৰ মুগকুছি নাট্য গোষ্ঠীৰ নাট প্ৰদৰ্শনেৰে মাঘী সভা আৰু চিলাৰায় দিৱসৰ সামৰণি পৰিব ।

Also Read: নলবাৰীৰ মাজদিয়াত অষ্টপ্ৰহৰ উৎসৱত গনেশ তামুলী

rangiya assam