দৰঙত এটা ব্যতিক্ৰমী ভেলা ঘৰ

উৰুকালৈ আৰু মাজত এটা দিন। হেঁপাহৰ ভোগালী পদুলিমুখত।গাঁৱে গাঁৱে ভেলাঘৰ, মেজি সজোৱাত ব্যস্ত লোক সকল।

author-image
Asomiya Pratidin
New Update
দৰঙত এটা ব্যতিক্ৰমী ভেলা ঘৰ

ডিজিটেল সংবাদ, মঙলদৈঃ উৰুকালৈ আৰু মাজত এটা দিন। হেঁপাহৰ ভোগালী পদুলিমুখত।গাঁৱে গাঁৱে ভেলাঘৰ, মেজি সজোৱাত ব্যস্ত লোক সকল। দৰঙৰ জনাৰাম চৌকাৰ ছোট আঠিয়াবাৰীৰ লোক সকলে নিৰ্মাণ কৰিছে এক ব্যতিক্ৰমী ভেলাঘৰ।

Advertisment

বিংশ শতিকাৰ আশীৰ দশকৰ পূৰ্বৰ এজন কৃষকৰ ঘৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে এই ভেলাঘৰটি।সন্মুখত গৰু গাড়ীৰ চকা।এখন জপনাৰে পাৰ হৈ চোতাল।

ভেলা ঘৰটিত আছে সেই সময়ৰ কৃষকৰ থকা ঘৰ, ৰান্ধনী ঘৰ, গোসাঁই ঘৰ আৰু গোহালি ঘৰ।গোঁহালি ঘৰত দৃশ্যমান হৈ আছে কৃষকৰ সদা ব্যৱহৃত নাঙল জুৱলী।

দৰঙৰ জনাৰাম চৌকাৰ ছোটআঠিয়াবাৰীত নিৰ্মান কৰা এই ভেলা ঘৰটিয়ে বহুতকে কৰি তুলিব নষ্টালজিক।

কাৰণ এতিয়া দেখিবলৈ পোৱা নাযায় এনে ঘৰ।নতুন প্ৰজন্মই চাব পাৰিব অসমৰ কৃষকৰ পুৰণি ঘৰ খন।ভেলাঘৰৰ চোতালত উৰুকাৰ নিশা লাগে ভাগে এসাজ খাব ৰাইজে। চলিব গীত মাত।এতিয়া ভেলা ঘৰটি সম্পূৰ্ণ কৰাত ব্যস্ত ছোটআঠিয়াবাৰী বাসী।

উৎসাহী মহিলা সকলে ভেলাঘৰৰ চোতালত বিহু গায় নাচি উৎসাহিত কৰিছে ডেকা সকলক ।

আৰু পঢ়ক: ওৰাঙৰ বৰঝাৰত অচিনাক্ত দুৰ্বৃত্তৰ গুলীচালনা

assam mangaldai