খনামুখৰ চিলনী গাঁৱত সদৌ অসম মগৰ সংঘৰ দ্বিতীয় ত্ৰি-বাৰ্ষিক অধিৱেশন...

জামুগুৰিহাটৰ সমীপৰ খনামুখৰ চিলনী গাঁৱত সদৌ অসম মগৰ সংঘৰ দ্বিতীয় ত্ৰি-বাৰ্ষিক অধিৱেশনৰ আজি অন্তিম দিন

author-image
Asomiya Pratidin
New Update
খনামুখৰ চিলনী গাঁৱত সদৌ অসম মগৰ সংঘৰ দ্বিতীয় ত্ৰি-বাৰ্ষিক অধিৱেশন...

ডিজিটেল সংবাদ, জামুগুৰিহাট: জামুগুৰিহাটৰ সমীপৰ খনামুখৰ চিলনী গাঁৱত সদৌ অসম মগৰ সংঘৰ দ্বিতীয় ত্ৰি-বাৰ্ষিক অধিৱেশনৰ আজি অন্তিম দিন৷ অন্তিম দিনৰ কাৰ্যসূচী মৰ্মে বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰা হয়৷

Advertisment

খনামুখ চিলনী গাঁৱৰ অগম সিং লায়া মগৰ সমন্বয় ক্ষেত্ৰত সদৌ অসম মগৰ সংঘৰ দ্বিতীয় ত্ৰি-বাৰ্ষিক অধিৱেশন তিনি দিনিয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰা হয়। উক্ত কাৰ্য্যসূচীৰ আজি অন্তিম দিন। মগৰ সংঘৰ শোনিতপুৰ জিলা সমিতিৰ উদ্যোগত তিনি দিনীয়া কাৰ্য্যসূচীৰে অয়োজিত অধিৱেশনৰ বিশাল সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হয়৷

মূল মণ্ডপৰ পৰা মগৰ সম্প্ৰদায়ৰ পাঁচ শতাধিক যুৱক যুৱতীয়ে সম্পূৰ্ণ মগৰ সাজ পোচাক পৰিধান কৰি পাঁচ কিলোমিটাৰ পৰ্যন্ত অতিক্ৰম কৰি সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।

Also Read: নগাঁওত জিলা দিৱস উদযাপনৰ প্ৰস্তুতি...

assamese culture