/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/0e112b0d-b18b-407a-85ca-e812d2fb906f/AP_Thumbnail_Nagaon.jpg)
ডিজিটেল সংবাদ, নগাঁও: সোমবাৰে নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত উদযাপন কৰা হ'ব নগাঁও জিলা দিৱস ৷ “নগাঁও: অতীত, বৰ্তমান আৰু ভবিষ্যত“ শিৰোনামাৰে দিনজোৰাকৈ নগাঁও জিলা দিৱস উদযাপন কৰাৰ প্ৰস্তুতি প্ৰায় সম্পন্ন৷
দিৱসৰ কাৰ্যসূচী পাতনি মেলা হ'ব পুৱা ৮ বজাত৷ উক্ত দিনা নগাঁও পুলিচ ৰিজাৰ্ভ খেলপথাৰৰ পৰা বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হ'ব ৷ গাওঁসমূহত গাঁওসভা, পৌৰসভাৰ ৱাৰ্ডসমূহত ৱাৰ্ডসভাৰ লগতে শৈক্ষিক প্ৰতিস্থান সমূহত জিলা দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী পালন কৰা হ'ব ৷ জিলাখনত বিভিন্ন উন্নয়ন মূলক কামৰ আধাৰশিলা স্থাপন কৰা হ'ব ৷ লগতে বিদ্যালয় আৰু মহাবিদ্যালয়ত কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত হ'ব ৷
আনহাতে সন্ধ্যা ৬ বজাত জনসাধাৰনৰ বাসগৃত, চৰকাৰী-বেচৰকাৰী অনুষ্ঠান প্ৰতিস্থানত আলোকসজ্জা কৰাৰ কাৰ্যসূচীও হাতত লোৱা হৈছে ৷ তদুপৰি ৭ বজাত নগাঁও জিলা পুথিভড়ালত বণাৰ্ঢ্য সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ'ব ৷ কাৰ্যসূচী অনুসৰি নগাঁও জিলা দিৱসৰ থীম চঙ সমবেত সংগীত পৰিৱেশন কৰাৰ লগতে সম্বৰ্ধনা অনুষ্ঠান, বঁটা প্ৰদান অনুষ্ঠান আদিও আয়োজন কৰাৰ কাৰ্যসূচী হাতত লোৱা হৈছে।
Also Read: Magh Bihu 2023: মাঘ বিহু বা ভোগালী বিহু - ইতিহাস আৰু পৰম্পৰা