সলনি হ'ল ৰাজ্যৰ ১,২৪১ খন মাদ্ৰাছাৰ নামঃ এতিয়াৰে পৰা চিহ্নীত হ'ব উচ্চ প্ৰাথমিক বিদ্যালয় হিচাপে...

সলনি হ'ল ৰাজ্যৰ ১,২৪১ খন মাদ্ৰাছাৰ নামঃ এতিয়াৰে পৰা চিহ্নীত হ'ব উচ্চ প্ৰাথমিক বিদ্যালয় হিচাপে...
সলনি হ'ল ৰাজ্যৰ ১,২৪১ খন মাদ্ৰাছাৰ নামঃ এতিয়াৰে পৰা চিহ্নীত হ'ব উচ্চ প্ৰাথমিক বিদ্যালয় হিচাপে...

ডিজিটেল ডেস্কঃ ৰাজ্যৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে এক জাননীৰ জৰিয়তে ৰাজ্যৰ ১,২৪১ খন এম ই মাদ্ৰাছাৰ নাম সলনি কৰাৰ কথা প্ৰকাশ কৰিছে। এইসমূহ মাদ্ৰাছা এতিয়াৰে পৰা উচ্চ প্ৰাথমিক বিদ্যালয় হিচাপে পৰিচিত হ'ব।

উল্লেখ্য ২০২১ চনতে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এক সিদ্ধান্তৰ আধাৰতে এই নতুন সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে ২০২১ ত মাদ্ৰাছা আইন খাৰিজ কৰি ৰাজহুৱাখণ্ডৰ মাদ্ৰাছাসমূহৰ শিক্ষাৰ্থীসকলেও যাতে গণিত, বিজ্ঞান, কম্পিউটাৰ শিক্ষা গ্ৰহণ কৰিব পাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল।

সেই অনুসৰিয়েই উচ্চ শিক্ষা বিভাগ, মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনষ্ঠ মাদ্ৰাছাসমূহ মাদ্ৰাছাৰ পৰিৱৰ্তে উচ্চ মাধ্যমিক বিদ্যালয়লৈ পৰিৱৰ্তন কৰা হৈছিল। ৰাজহুৱা ধনৰ জৰিয়তে কোনো ধৰ্মীয় শিক্ষা দিয়া উচিত নহয় বুলি ৰাজ্য চৰকাৰে তেতিয়াই স্পষ্ট কৰিছিল।

কিন্তু প্ৰাথমিক শিক্ষা বিভাগৰ যিসমূগ মাদ্ৰাছা আছিল সেইসমূহ মাদ্ৰাছাক লৈ কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাছিল বাবে তেনেদৰেই চলি আহিছিল। সেয়েহে যোৱা ৪ ডিচেম্বৰত দিছপুৰত মুখ্যমন্ত্ৰীৰ অধীক্ষতাত অনুষ্ঠিত হোৱা এক বৈঠকত প্ৰাথমিক শিক্ষা বিভাগৰ অধীনস্থ মাদ্ৰাছাসমূহৰ নাম সলনি কৰি উচ্চ প্ৰাথমিক বিদ্যালয় কৰিব লাগে বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়।

সেই অনুসৰিয়েই ৰাজ্যৰ প্ৰাথমিক শিক্ষা বিভাগে এক জাননী জাৰি কৰিছে আৰু ৰাজ্যত যিসমূহ এম ই মাদ্ৰাছা আছিল সেইসমূহ এতিয়াৰে পৰা উচ্চ প্ৰাথমিক বিদ্যালয় হিচাপে চিহ্নীত হ'ব বুলি কোৱা হৈছে।

সলনি হ'ল ৰাজ্যৰ ১,২৪১ খন মাদ্ৰাছাৰ নামঃ এতিয়াৰে পৰা চিহ্নীত হ'ব উচ্চ প্ৰাথমিক বিদ্যালয় হিচাপে...
শিলাবৃষ্টিত ক্ষতিগ্ৰস্তসকলক ২৫ হাজাৰ টকাৰ সাহায্যৰ দাবী দেৱব্ৰত শইকীয়াৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in