শিলাবৃষ্টিত ক্ষতিগ্ৰস্তসকলক ২৫ হাজাৰ টকাৰ সাহায্যৰ দাবী দেৱব্ৰত শইকীয়াৰ...

শিলাবৃষ্টিত ক্ষতিগ্ৰস্তসকলক ২৫ হাজাৰ টকাৰ সাহায্যৰ দাবী দেৱব্ৰত শইকীয়াৰ...
শিলাবৃষ্টিত ক্ষতিগ্ৰস্তসকলক ২৫ হাজাৰ টকাৰ সাহায্যৰ দাবী দেৱব্ৰত শইকীয়াৰ...

ডিজিটেল ডেস্কঃ বুধবাৰে সন্ধিয়া হঠাৎ অহা এজাক শিলাবৃষ্টিয়ে উজনি অসমৰ বিভিন্ন জিলাত বিস্তৰ ক্ষতি সাধন কৰিলে। এই শিলাবৃষ্টিত ক্ষতিগ্ৰস্তসকলক তাৎক্ষণিকভাৱে ক্ষতিপূৰণ প্ৰদান কৰাৰ দাবী জনাইছে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ।

তেওঁ শিলাবৃষ্টিত ক্ষতিগ্ৰস্তসকলক ২৫ হাজাৰকৈ আৰ্থিক সাহায্য দিয়াৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আহ্বান জনাইছে। উল্লেখ্যে, বুধবাৰৰ এই শিলাবৃষ্টিত বহু লোকৰ মূধচত থকা টিনপাতক ফুটি সম্পূৰ্ণৰূপে ধ্বংস কৰাৰ বিপৰীতে কৃষকসকলৰ খেতিপথাৰৰ শস্য নষ্ট কৰিলে।

সেয়েহে ক্ষতিগ্ৰস্তসকলৰ পুনৰ নিৰ্মাণত সহায় হোৱাকৈ দুৰ্যোগৰ সাহায্য হিচাপে তাৎক্ষণিকভাৱে এককালীন নূন্যতম ২৫,০০০ টকাকৈ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে।

তেওঁ নিজৰ ফেচবুক একাউণ্টাত ভিডিঅ' আপোলড কৰি লিখিছে-

''মাননীয় মুখ্যমন্ত্ৰী Himanta Biswa Sarma লৈ জৰুৰী আহ্বান

উজনি অসমত হোৱা, কালিৰ বিধ্বংসী শিলাবৃষ্টিৰ ফলত অগণন লোকৰ মূধচত থকা টিনপাতকে আদি কৰি কৃষকসকলৰ খেতিপথাৰত থকা শস্য বিনষ্ট হৈছে। সেয়েহে ক্ষতিগ্ৰস্তসকলৰ বাবে তাৎক্ষণিক ভাৱে তেওঁলোকক পুনৰ নিৰ্মাণত সহায় হোৱাকৈ দুৰ্যোগৰ সাহায্য হিচাপে এককালীন নূন্যতম ₹২৫,০০০টকাকৈ প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনালোঁ।'' (অসম্পাদিত)

শিলাবৃষ্টিত ক্ষতিগ্ৰস্তসকলক ২৫ হাজাৰ টকাৰ সাহায্যৰ দাবী দেৱব্ৰত শইকীয়াৰ...
সমবায় সমিতিসমূহলৈ ভাল খবৰঃ আৰ্থিক সাহায্যৰ বাবে আৱেদন আহ্বান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in