/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/madhupur-satra.jpg)
মধুপুৰ সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ শ্ৰী লক্ষ্মীকান্ত মহন্ত অসুস্থঃ দুদিনীয়া অখণ্ড ভাগৱত পাঠ আৰু পালনামৰ আয়োজন...
ডিজিটেল সংবাদ ধুবুৰীঃ কোচবিহাৰত মধুপুৰ সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ শ্ৰী লক্ষ্মীকান্ত মহন্ত অতি সম্প্ৰতি গুৰুতৰভাৱে অসুস্থ হৈ কোচবিহাৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। সত্ৰাধিকাৰগৰাকীৰ আশু-আৰোগ্য কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰাৰ উদ্দেশ্যে মধুপুৰ সত্ৰৰ কোচবিহাৰৰ শাখা সমিতিৰ উদ্যোগত অহা ২৩ আৰু ২৪ ফেব্ৰুৱাৰীত মধুপুৰ সত্ৰত অখণ্ড ভাগৱৎ পাঠ আৰু পালনামৰ আয়োজন কৰা হৈছে।
এই অনুষ্ঠানত উত্তৰ-বংগৰ বিভিন্ন সত্ৰ আৰু নামঘৰৰ ভক্তপ্ৰাণ ৰাইজৰ লগতে অসমৰসমূহ ভক্তপ্ৰাণ ৰাইজক সহায়-সহযোগ আগবঢ়াবলৈ মধুপুৰ সত্ৰ সমিতিৰ সভাপতি জিতেন্দ্ৰনাথ প্ৰধানী, সাধাৰণ সম্পাদক কুমাৰ দীপক দাস আৰু প্ৰচাৰ সম্পাদক যুগান্ত বায়নে আহ্বান জনাইছে।
Also Read: আই নৈৰ গৰাখহনীয়া ৰোধৰ ১২৫.২১ কোটি টকীয়া জিঅ'বেগ মথাউৰিৰ শিলান্যাস...