আই নৈৰ গৰাখহনীয়া ৰোধৰ ১২৫.২১ কোটি টকীয়া জিঅ'বেগ মথাউৰিৰ শিলান্যাস...

আই নৈৰ গৰাখহনীয়া ৰোধৰ ১২৫.২১ কোটি টকীয়া জিঅ'বেগ মথাউৰিৰ শিলান্যাস...
আই নৈৰ গৰাখহনীয়া ৰোধৰ ১২৫.২১ কোটি টকীয়া জিঅ'বেগ মথাউৰিৰ শিলান্যাস...

ডিজিটেল সংবাদ চিৰাংঃ চুবুৰীয়া ৰাষ্ট্ৰ ভূটান পাহাৰৰ পৰা নামি অহা খৰস্ৰোতা আই নৈৰ গৰাখহনীয়াৰ ক্ষতিগ্রস্থ এলেকাত পৰিদৰ্শন কৰিবলৈ অসমৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা আজি চিৰাং জিলাৰ বেংতলত উপস্থিত হয় । জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই বিটিচি প্ৰধান প্ৰমোদ বড়োৰ উপস্থিতিত চিৰাং জিলাৰ বেংতল ৰাজহচক্ৰ এলেকাৰ আই নৈৰ গৰাখহনীয়া পৰিদৰ্শন কৰি এই গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ বেংতল ৰাজহচক্ৰৰ দুৰ্গাপুৰ গাঁৱত এফ এম বি এফ ইউ আচঁনিৰ অধীনত জিঅ' বেগ মথাউৰিৰ শিলান্যাস কৰে।

চাৰিটা পৰ্যায়ত ১২৫ কোটি ২১ লাখ টকা ব্যয় সাপেক্ষে ১১ কিলোমিটাৰ দৈৰ্ঘ্যৰ জিঅ' বেগ মথাউৰি নিৰ্মাণ কৰা হ'ব জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই সংবাদ মাধ্যমৰ আগত ঘোষণা কৰে । এইবেলি মথাউৰিৰ মাজে মাজে ২৪ টাকৈ শ্লুইছ গেট বনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

বিটিআৰ এলেকাত গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ ইমান দিনে বি টি চি প্ৰশাসনক জলসম্পদ বিভাগক বছৰি মাত্ৰ ১৮ কোটি টকা আবণ্টিত হৈছিল কিন্তু যোৱা দুটা বছৰত বিটিচি এলেকাত বানপানী নিয়ন্ত্ৰণ কৰিবলৈ ১০০ কোটি টকাকৈ আবণ্টন দিয়া হৈছে বুলি সদৰি কৰে । আজি চিৰাঙৰ মথাউৰি নিৰ্মাণ কৰিবলৈ ঠিকাদাৰক তিনিমাহৰ সময়সীমা বান্ধি দিয়ে মন্ত্ৰী গৰাকীয়ে।

কিন্তু বাৰিষাৰ সময়ত এই মথাউৰিৰ কাম বন্ধ কৰি নৱেম্বৰ মাহৰ পৰা পুনৰ কাম আৰম্ভ কৰিবলৈ পৰামৰ্শ আগবঢ়ায় । ইপিনে আজি দুৰ্গাপুৰ গাঁৱৰ ৰাইজে অঞ্চলটোৰ এই জটিল সমস্যা প্ৰচাৰ কৰি চৰকাৰৰ দৃষ্টি গোচৰ কৰাৰ বাবে প্ৰতিদিন গোষ্ঠীক ধন্যবাদ জ্ঞাপন কৰে।

ইপিনে অসমৰ ব্ৰহ্মপুত্ৰ নৈৰ লগতে অন্যান্য নৈৰ বানপানী তথা গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ বৰ্তমান সময়ত অসম চৰকাৰে বিজ্ঞান সন্মত ভাৱে কাম কৰি থকাৰ কথা উল্লেখ কৰে বিটিচি প্ৰধান প্ৰমোদ বড়োয়ে । এতিয়া বানপানী নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে মথাউৰি বনাই উক্ত মথাউৰিটোকে মানুহ যাতায়াতৰ পথ হিচাপে ব্যবহাৰ কৰিব পৰাকৈ নতুন পদ্ধতিৰ প্ৰশংসা কৰি আঁদৰণি জনায় প্ৰমোদ বড়োই ।

চিৰাং জিলাৰ আই নৈৰ বিধ্বংসী গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ বাৱে লোৱা পদক্ষেপৰ বাবে জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাক শলাগ লয় স্থানীয় তথা চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে । বিধায়ক গৰাকীয়ে চিৰাং জিলাৰ আই নৈৰ উপৰি চম্পাৱতী, নাঙলভাঙা, মাক্ৰা নৈৰ গৰাখহনীয়াৰ কথা উল্লেখ কৰি আগলৈ এই নৈ বোৰৰ বানপানী তথা গৰাখহনীয়া পৰা ৰক্ষা কৰিবলৈ আজিৰ দৰে প্ৰয়োজনীয় পদক্ষেপ ল'ব বুলি আশা প্ৰকাশ কৰে ।

আজিৰ চিৰাঙৰ মথাউৰিৰ শিলান্যাস অনুষ্ঠানৰ লগত সঙ্গতি ৰাখি আই নৈৰ পাৰত এখন সভা অনুষ্ঠিত হয় । সভাত মন্ত্ৰী পীযুষ হাজৰিকা, বিটিচি প্ৰধান প্ৰমোদ বড়ো আৰু চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে ভাষণ প্ৰদান কৰে ।

বিটিচিৰ জলসম্পদ বিভাগৰ কাৰ্য্যবাহী সদস্য উকিল মুছাহাৰী, বনবিভাগৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, স্বাস্থ্য বিভাগৰ কাৰ্য্যবাহী সদস্য অৰূপ কুমাৰ দে, মনোনীত পাৰিষদ মাধৱ ছেত্ৰী, অসমৰ জলসম্পদ বিভাগৰ মূখ্য কাৰ্য্যবাহী অভিযন্তা বৰছিং ৰূংপী সহ অন্যান্য বিষয়া কৰ্মচাৰীসকল ।

আই নৈৰ গৰাখহনীয়া ৰোধৰ ১২৫.২১ কোটি টকীয়া জিঅ'বেগ মথাউৰিৰ শিলান্যাস...
হঠাতে অসুস্থ বন্দনা কলিতা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in