এখন অ-প্ৰাদেশীকৃত বিদ্যালয়ৰ ফলাফলত আনন্দিত কচুৱাবাসী

ত্ৰিশ বছৰে বিনা বেতনৰে শিক্ষকতা কৰি মানৱ সম্পদ গঢ় দিয়া এই বিদ্যালয় খনৰ প্ৰতিবছৰৰ সন্তোষজনক ফলাফলে সকলোৱে দৃষ্টি আৰ্কষন কৰি আহিছে।

author-image
Asomiya Pratidin
New Update
এখন অ-প্ৰাদেশীকৃত বিদ্যালয়ৰ  ফলাফলত  আনন্দিত কচুৱাবাসী

ডিজিটেল সংবাদ,কামপুৰঃ "শিক্ষক সকল মমবাতিৰ দৰে।যি নিজে পুৰি চাই হৈ আনক পোহৰ দিয়ে'' -এই কথাষাৰিকে আজি আখৰে আখৰে প্ৰতিফলিত হ'ল নগাওঁ জিলাৰ কচুৱাৰ এখন অ-প্ৰাদেশীকৃত বিদ্যালয়ৰ ক্ষেত্ৰত। ত্ৰিশ বছৰে বিনা বেতনৰে শিক্ষকতা কৰি মানৱ সম্পদ গঢ় দিয়া এই বিদ্যালয় খনৰ প্ৰতিবছৰৰ সন্তোষজনক ফলাফলে সকলোৱে দৃষ্টি আৰ্কষন কৰি আহিছে।

Advertisment

আজি পুৱা ১০ বজাত ঘোষণা কৰা হৈছে মেট্ৰিক পৰীক্ষাৰ ফলাফলত নগাঁও জিলাৰ কচুৱাৰ মাধৱপাৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ফলাফলত ছাত্র-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজ অভিভাৱক সকল উৎফুল্লিত হৈ পৰিছে। বিদ্যালয় খনত ৬০% উত্তীৰ্ণ হাৰে প্ৰথম বিভাগত ৬ জন (লেটাৰ নম্বৰ সহ) ,২য় বিভাগত ২০ জন (লেটাৰ সহ) আৰু ৩য় বিভাগত ২৫ জন ছাত্ৰী- ছাত্ৰী উত্তীৰ্ণ হৈছে৷

এই সম্পৰ্কত প্ৰধান শিক্ষক বাহাৰুল ইছলামে জানিব দিয়ে প্ৰতি বছৰে ফলাফল ওলোৱাৰ পিছত দল সংগঠনে আহি সম্বৰ্ধনা জনাই যদিও আমাৰ মুখত হাঁহি নোলাই, চকুৰ পানী নিগৰি আহে দুচকুৰে। ইছলামে মন্তুব্য কৰে যে ৩০ টা বছৰে চৰকাৰৰ বিশেষ সা-সুবিধা নোহোৱাকৈ বিনা বেতনত পাঠদান দি অহা বিদ্যালয় খনৰ প্ৰতি চৰকাৰৰ সুমতি কেতিয়া আহিব বুলিও বিদ্যালয় খনৰ প্ৰধান শিক্ষক গৰাকীয়ে মন্তব্য় কৰে। উল্লেখ্য যে মাধৱপাৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বহু কেইজন ছাত্র ছাত্ৰীয়ে সু ফলাফল লাভ কৰাত প্ৰধান শিক্ষক বাহাৰুল ইছলামক ফুলাম গামোচাৰে আদৰণি জনাই স্থানীয় সাংবাদকৰ্মীয়ে।

Also Read: অষ্টম স্থানেৰে গোৱালপাৰালৈ‌ গৌৰৱ কঢ়িয়ালে সাহিল ছিদ্দিকিয়ে

hslc exam